Petrol-Diesel Price: দাম বৃদ্ধিৰ লগে লগে শ্ৰীলংকাত পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত ২০৪ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ১৩৯ টকা হৈছেগৈ।
Petrol-Diesel Price: দাম বৃদ্ধিৰ লগে লগে শ্ৰীলংকাত পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত ২০৪ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ১৩৯ টকা হৈছেগৈ।
ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ (Russia Ukraine War)ৰ আন্তৰাষ্ট্ৰীয় প্ৰভাৱ এতিয়া এখন এখনকৈ দেশবোৰত দেখা দিছে। আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য (Crude Oil Price Rise) বৃদ্ধিৰ লগে লগে দেশবোৰত পেট্ৰ'ল-ডিজেলৰ দাম (Petrol-Diesel Price) বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এই পৰ্যন্ত ভাৰতত দাম বৃদ্ধি হোৱা নাই যদিও চুবুৰীয়া শ্ৰীলংকা (Sri Lanka)ত পেট্ৰ'লৰ প্ৰতি লিটাৰত ২০ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ১৫ টকাকৈ দাম বৃদ্ধি হৈছে।
এই দাম বৃদ্ধিৰ লগে লগে শ্ৰীলংকাত পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত ২০৪ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ১৩৯ টকা হৈছেগৈ।
IOCL আৰু শ্ৰীলংকাৰ সহযোগী কোম্পানী LIOC (Lanka Indian Oil Company)য়ে দেশখনত পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি কৰিছে।
উল্লেখ্য যে আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ৭ বছৰৰ সৰ্বোচ্চ নিৰিখলৈ বৃদ্ধি হৈছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ যদি দীঘলীয়া হয় তেন্তে ইন্ধনৰ মূল্য আকাশলংঘী হ'ব পাৰে।
বিশেষজ্ঞসকলে কোৱা মতে ভাৰতেও পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধিৰ পৰা ৰেহাই পোৱাৰ আশা নাই। এই মুহূৰ্তত ৫ ৰাজ্যৰ নিৰ্বাচন (5 State Election) চলি থকা বাবে চৰকাৰে পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি কৰা নাই যদিও মাৰ্চত নিৰ্বাচনৰ ফলাফলা ঘোষণাৰ পিছতে মাৰ্চৰ মাজ ভাগৰ পৰা ইন্ধনৰ দাম বৃদ্ধি হোৱাটে খাটাং।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|