ড’নাল্ড ট্ৰাম্পৰ সৈতে কৰমৰ্দন কৰা ব্যক্তিৰ দেহত কোৰোণা ভাইৰাছ, লাগিছে হাহাকাৰ

News18 Assam | News18-Assam
Updated:March 8, 2020, 3:20 PM IST
ড’নাল্ড ট্ৰাম্পৰ সৈতে কৰমৰ্দন কৰা ব্যক্তিৰ দেহত কোৰোণা ভাইৰাছ, লাগিছে হাহাকাৰ
নিউ জাৰ্ছীৰ এখন হাস্পতালত উক্ত লোকজনৰ পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছত কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

নিউ জাৰ্ছীৰ এখন হাস্পতালত উক্ত লোকজনৰ পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছত কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

  • Share this:
আমেৰিকাৰ শীৰ্ষ ৰাজনৈতিক কনজাৰ্ভেটিভছৰ সন্মিলনত অংশগ্ৰহণ কৰা এজন ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাচ। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, কোৰোণা ভাইৰাছত আক্ৰান্ত এই ব্যক্তিজনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কৰমৰ্দন কৰিছিল।

২৬ৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল এই কনজাৰ্ভেটিভছ পলিটিকেল এক্সন কনফাৰেন্স, য’ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল। ৱাশ্বিংটনৰ সমীপত অনুষ্ঠিত এই কাৰ্যসূচীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, কেইবাগৰাকীও কেবিনেট সদস্য আৰু হোৱাইট হাউছৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰিছিল।

নিউ জাৰ্ছীৰ এখন হাস্পতালত উক্ত লোকজনৰ পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছত কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। এই লোকজনক বৰ্তমান পৃথকে ৰাখি চিকিৎসা অব্যাহত ৰাখিছে। কোৱা হৈছে যে এই লোকজনৰ ৰাষ্ট্ৰপতি বা উপ–ৰাষ্ট্ৰপতিৰ সৈতে কোনো সম্পৰ্ক নাছিল আৰু মুখ্য সভাঘৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰা নাছিল। ইউনিয়নৰ অধ্যক্ষ মেট স্কেল্পে ‘দ্য ৱাশ্বিংটন পোষ্ট’ক কয় যে সন্মিলনৰ অন্তিম দিনা মঞ্চত লোকজনে ট্ৰাম্পৰ সৈতে কৰমৰ্দন কৰিছিল।

আনহাতে, কোৰোণা ভাইৰাছ লৈ হোৱাইট হাউছৰ ওচৰ পোৱা সন্দৰ্ভত ট্ৰাম্পে কয়, মই চিন্তিত নহয়। ট্ৰাম্পে কয় যে কোৰোণা ভাইৰাছৰ আতংকৰ মাজতে চলিব নিৰ্বাচনী প্ৰচাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি