কাংগাৰু এটাক জোকাই আছিল এইজনে, খং উঠি কাংগাৰুৱে ল'লে সাংঘাতিক প্ৰতিশোধ, ভাইৰেল Video

News18 Assam | News18-Assam
Updated:February 1, 2021, 5:36 PM IST
কাংগাৰু এটাক জোকাই আছিল এইজনে, খং উঠি কাংগাৰুৱে ল'লে সাংঘাতিক প্ৰতিশোধ, ভাইৰেল Video
এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত

এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত

  • Share this:
জীৱ-জন্তুক জোকাই থকা একাংশ লোক সমাজত থাকেই! কিন্তু সেইসকলে পাহৰি যায় যে, জীৱ-জন্তুৱেও প্ৰতিশোধ ল'ব পাৰে। যেতিয়া জীৱ-জন্তুক অত্যাধিক পৰিমাণে জোকোৱা হয়,তেতিয়া জীৱ-জন্তুও প্ৰতিশোধ পৰায়ণ হৈ পৰে। এনেধৰণৰ এটা ভিডিঅ' এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। যিটো ভিডিঅ' দেখি আপুনিও হৈ পৰিব আচৰিত!



ভাইৰেল ভিডিঅ'টোত দেখা চিকিউৰিটী গাৰ্ডৰ পোছাক পিন্ধা লোকজন এটা কাংগাৰুৰ কাষত ৰৈ আছিল। আৰু তেতিয়াই কাংগাৰুটোক আমনি কৰিবৈ চেষ্টা কৰে লোকজনে। কিন্তু একেৰাহে আমনি কৰি থকাৰ পিছতে খঙ উঠে কাংগাৰুটোৰ। আৰু কাংগাৰুটোৱে আক্ৰমণ কৰে লোকজনক।

এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এই ভিডিঅ' নেচাৰ এণ্ড এনিমেল নামৰ এটা টুইটাৰ একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: February 1, 2021, 5:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি