বিয়াৰ দিনাই ন-কইনাৰ পিৰিয়ডছ! খঙত অগ্নিশৰ্মা স্বামী আৰু শাহু, বিবাহ বিচ্ছেদৰ বাবে কৰিলে আবেদন

পিৰিয়ডছ চলি থকাৰ সময়তে ন-কইনাই প্ৰৱেশ কৰিছিল মন্দিৰত। লগে লগে খঙত অগ্নিশৰ্মা হৈ পৰে স্বামী আৰু শাহু।
পিৰিয়ডছ চলি থকাৰ সময়তে ন-কইনাই প্ৰৱেশ কৰিছিল মন্দিৰত। লগে লগে খঙত অগ্নিশৰ্মা হৈ পৰে স্বামী আৰু শাহু।
- News18 Assam
- Last Updated: December 25, 2020, 8:12 PM IST
পিৰিয়ডছ চলি থকাৰ সময়ত মহিলাসকলক এতিয়াও বহু ঠাইত অন্য দৃষ্টিৰে চোৱা হয়। সেই কেইদিন মন্দিৰ বা শুভ কামত অংশগ্ৰহণ বা সমাজৰ বহু নিয়ম-নীতিৰ পৰা আঁতৰত ৰখা হয় মহিলাসকলক। একাংশ লোকৰ এনেধৰণৰ কু-সংস্কাৰ বা ভুল ধাৰণা সলনি কৰিবলৈ নাই কোনো লোক। আৰু সেই কু-সংস্কাৰৰৰ ফলতে ঘটিল এই ঘটনা।
বিয়াৰ প্ৰথম দিনাই আৰম্ভ হ’ল বিৰোধ। এতিয়া ন-কইনাৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰাখিবলৈ বিচৰা নাই দৰা ঘৰৰ কোনো লোকেই। আনকি ক্ষোভিত হৈছে দৰাও।
এতিয়া পত্নীয়েও স্বামীৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ। স্বামীৰ লগতে স্বামী গৃহৰ লোকে মহিলাগৰাকীক শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ আনিছে। বিয়াৰ দিনা পিৰিয়ডছ হোৱাৰ পিছৰে পৰাই স্বামী গৃহৰ লোকে শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ আনিলে মহিলাগৰাকীয়ে। ঘটনাতো সংঘটিত হৈছে গুজৰাটত।