NRC ত নাম সন্নিৱিষ্ট নোহোৱা সকলক বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব!

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাৰ আগন্তুক দিল্লী ভ্ৰমণত আলোচনাৰ মূল বিষয় হ’ব NRC

News18-Assam
Updated:September 14, 2019, 1:20 PM IST
NRC ত নাম সন্নিৱিষ্ট নোহোৱা সকলক বাংলাদেশলৈ প্ৰেৰণ কৰা হ’ব!
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাৰ আগন্তুক দিল্লী ভ্ৰমণত আলোচনাৰ মূল বিষয় হ’ব NRC
News18-Assam
Updated: September 14, 2019, 1:20 PM IST
৩ অক্টোবৰত তিনিদিনীয়া ভ্ৰমণ সূচী লৈ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনা । হাচিনাৰ নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে হ’ব লগীয়া আলোচনাত স্থান পাব NRC ৰ প্ৰসংগই । NRC ৰ পৰা বাদ পৰা ১৯ লাখ লোককলৈ উদ্বিগ্ন ঢাকাই নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰা  লোকসকলক বাংলাদেশে গ্ৰহণ কৰাৰ যুক্তিযুক্ততাৰ ওপৰত দিল্লীৰে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা ।

২০১৮ চনত তৃতীয় বাৰৰ বাবে বিপুল ভাৱে জয়ী হোৱাৰ পাছত হাচিনাৰ এইটো প্ৰথম ভাৰত ভ্ৰমণ। নৰেন্দ্ৰ মোদীয়েও ২০১৯ চনত গাদি দখল কৰাৰ পাছত প্ৰথমবাৰৰ কাৰণে সাক্ষাৎ কৰিব হাচিনাক ।

অতি সম্প্ৰতি ভাৰতৰ বিদেশ মন্ত্ৰী এচ জয়শংকৰে ঢাকাত বাংলাদেশৰ বিদেশ মন্ত্ৰী একে আব্দুল মমেনক NRC ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি কৈছিল । কিন্তু তাৰ বিপৰীতে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশক পতিয়ন নিয়াই NRC পৰা বাদ পৰা লোকক সেই দেশে যাতে গ্ৰহণ কৰে সেই দিশত মত পোষণ কৰিছিল ।

আনহাতে হাচিনাই ৰহিংগীয়া সকলক ম্যানমাৰলৈ ঘূৰাই পঠাবলৈ বাংলাদেশে লোৱা প্ৰচেষ্টাত ভাৰতৰ সহযোগিতা বিচৰাৰ সম্ভাৱনা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি