মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »আজি বেংককত আছিয়ান–ভাৰত শীৰ্ষ সন্মিলনক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি বেংককত আছিয়ান–ভাৰত শীৰ্ষ সন্মিলনক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

মোদীয়ে কয় যে যেতিয়া সিদ্ধান্ত সঠিক হয় তেতিয়া তাৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা যায় আৰু মই থাইলেণ্ডতো এই প্ৰতিধ্বনি শুনিবলৈ পাইছো।

মোদীয়ে কয় যে যেতিয়া সিদ্ধান্ত সঠিক হয় তেতিয়া তাৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা যায় আৰু মই থাইলেণ্ডতো এই প্ৰতিধ্বনি শুনিবলৈ পাইছো।

  • Share this:
    তিনিদিনীয়া ভ্ৰমণসূচীৰে বেংককলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আছিয়ান–ভাৰত শীৰ্ষ সন্মিলনক সম্বোধন কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে থাইলেণ্ডৰ ৰাজধানীত আয়োজিত ভাৰতীয় সম্প্ৰদায়ৰ কাৰ্যসূচীত যেতিয়া কাশ্মীৰ প্ৰসংগ উল্লেখ কৰে, তেতিয়া তাত উপস্থিত থকা প্ৰায় ৫০০০ লোকে থিয় হৈ মোদীক অভিবাদন জনায়। অনুষ্ঠানত মোদীয়ে জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ আৰু দুই কেন্দ্ৰীয়শাসিত ৰাজ্যত বিভক্ত কৰাৰ কথা পৰোক্ষভাৱে উল্লেখ কৰি কয় যে ভাৰতে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ আঁৰৰ এক ডাঙৰ কাৰণ নষ্ট কৰি পেলাইছে।

    মোদীয়ে কয় যে যেতিয়া সিদ্ধান্ত সঠিক হয় তেতিয়া তাৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনা যায় আৰু মই থাইলেণ্ডতো এই প্ৰতিধ্বনি শুনিবলৈ পাইছো। হাজাৰ হাজাৰ লোকে হাত চাপৰি বজোৱাত মোদীয়ে কয় যে এই হাত চাপৰিয়ে ভাৰতৰ সংসদ আৰু তাৰ সাংসদসকলৰ বাবে আৰু তেওঁলোকৰ আশীৰ্বাদে ভাৰতীয় সাংসদসকলক দেশৰ বাবে আৰু অধিক পৰিশ্ৰম কৰিবলৈ শক্তি যোগাব।

    শেহতীয়া বাতৰি