মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Haunted Townঃ পথত ঘূৰি ফুৰে মুণ্ডহীন ঘোঁৰা চালক! এখন সৰু কিন্তু ‘ভৌতিক কৰ্ম কাণ্ড’ক লৈ চৰ্চিত চহৰ

Haunted Townঃ পথত ঘূৰি ফুৰে মুণ্ডহীন ঘোঁৰা চালক! এখন সৰু কিন্তু ‘ভৌতিক কৰ্ম কাণ্ড’ক লৈ চৰ্চিত চহৰ

News18 Assam | News18-Assam
Updated:October 13, 2021, 12:12 PM IST
Haunted Townঃ পথত ঘূৰি ফুৰে মুণ্ডহীন ঘোঁৰা চালক! এখন সৰু কিন্তু ‘ভৌতিক কৰ্ম কাণ্ড’ক লৈ চৰ্চিত চহৰ
গ্ৰেট ব্ৰিটেইনৰ (United KIngdom) মাইনিং টাউন (Mining Town) হিচাপে বিখ্যাত হগটন লী স্প্ৰীঙক (Houghton-le-Spring) ইউকেৰ ‘ভৌতিক চহৰ’ হিচাপে ধৰা হয়। কোৱা হয় যে, ইয়াত এজন ঘোঁৰাচালকৰ শিৰচ্ছেদ কৰা হৈছিল আৰু তেওঁ আজিও নিজৰ মুণ্ড বিচাৰি পথত ঘূৰি ফুৰে। বহুতে সেই মুণ্ডহীন ঘোঁৰাচালকক দেখাৰ দাবীও কৰিছে!

গ্ৰেট ব্ৰিটেইনৰ (United KIngdom) মাইনিং টাউন (Mining Town) হিচাপে বিখ্যাত হগটন লী স্প্ৰীঙক (Houghton-le-Spring) ইউকেৰ ‘ভৌতিক চহৰ’ হিচাপে ধৰা হয়। কোৱা হয় যে, ইয়াত এজন ঘোঁৰাচালকৰ শিৰচ্ছেদ কৰা হৈছিল আৰু তেওঁ আজিও নিজৰ মুণ্ড বিচাৰি পথত ঘূৰি ফুৰে। বহুতে সেই মুণ্ডহীন ঘোঁৰাচালকক দেখাৰ দাবীও কৰিছে!

  • Share this:
ভৌতিক কাহিনী হয়তো আপোনাৰ পচন্দৰ আৰু বাস্তৱ জীৱনতো বহুতে ভৌতিক কৰ্ম কাণ্ড প্ৰত্যক্ষ দেখাৰ দাবী কৰে। এই ঘটনাবোৰ কিছুমানে বিশ্বাস কৰে, কিছুমানে নকৰে। হয়তো আপুনি মুণ্ডহীন ঘোঁৰাচালকৰ কাহিনীও ক’ৰবাত ক’ৰবাত শুনিছে। কিন্তু নৰ্থইষ্ট ইংলেণ্ডৰ (NorthEast England) এখন সৰু মাইনিং টাউনত (Haunted Mining Town) এজন দুজন নহয় বহুলোকে কটা মূৰৰ ঘোঁৰাচালক দেখাৰ দাবী কৰিছে। মানুহৰ মতে মুণ্ডহীন ঘোঁৰাচালক পথত ঘূৰি ফুৰে। বিশ্বাস কৰা হয় যে তেওঁ নিজৰ কটা মূৰটো বিচাৰি এনেকৈ বাটে–ঘাটে ঘূৰি ফুৰে। পথে পথে ঘূৰি এখন কবৰস্তানত মুণ্ডহীন ঘোঁৰাচালকজন সোমাই যায় কাৰণ তেওঁৰ আত্মাটো হেনো ইয়াতে আছে!



১৯৭০ চনত কাটি পেলোৱা হৈছিল ঘোঁৰাচালকৰ মূৰ

প্ৰচলিত জনবিশ্বাস মতে হটন লী স্প্ৰীং নামৰ এই ভৌতিক চহৰখ ১২২০ চনৰ আশে পাশে স্থাপিত হোৱা। ইয়াৰ পিছত ১৮২৩ চনৰ পৰা ১৯৮১চনলৈ ইয়াত কয়লাৰ খনন হৈছিল। ইয়াৰ সৈতে বহু মনোৰঞ্জক কাহিনী জৰিত হৈ আছে। ইয়াত এসময়ৰ নিষ্ঠুৰ শাসকৰ কথাও আছে। যিজন মুণ্ডহীন ঘোঁৰাচালকক ইয়াত দেখাৰ দাবী কৰা হয় মানুহে তেওঁক উইলিয়াম ষ্টেণ্ডিশ কাৰেৰ নামেৰে চিনাক্ত কৰে। উইলিয়াম কেনেকৈ ঢুকাল তাক লৈ বহুতো মুখে মুখে বাগৰি অহা কাহিনী আছে।

মানুহৰ মতে ১৯৭০ চনৰ সময়ত একাংশ মানুহে উইলিয়ামৰ মৃতদেহৰ পৰা তেওঁৰ মূৰ কাটি পেলাইছিল। তেতিয়াৰ পৰা উইলিয়ামৰ অতৃপ্ত আত্মাই নিজৰ কটা মূৰটো বিচাৰি ফুৰে। গোটেই চহৰ চলাথ কৰে উইলিয়ামৰ অঘৰী আত্মাই! স্থানীয় ইতিহাসবিদ পল লেনগনৰ মতে এতিয়ালৈকে এক ডজনৰো অধিক লোকে উইলিয়ামৰ আত্মাক দেখাৰ দাবী কৰিছে। সকলোবোৰ ঘটনা কবৰস্তানৰ আশে পাশে শুনিবলৈ পোৱা যায়। ২০০৫চনৰ পৰা একেৰাহে এই ঠাইৰ ছবি তুলি মুণ্ডহীন ঘোঁৰাচালকৰ প্ৰমাণ জমা কৰিবলৈ চেষ্টা কৰা হৈছে যদিও এতিয়ালৈকে এই কাম সম্ভৱ হৈ উঠা নাই। মানুহে এই ঠাইক ভৌতিক আখ্যা দিছে আৰু বিশেষকৈ হেল’ৱিনৰ সময়ত ইয়াত ব্যস্ততা দেখিবলৈ পোৱা যায়।
First published: October 13, 2021, 11:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি