কেনেকৈ হত্যা কৰা হৈছিল ISISৰ মুৰব্বী বাগদাদীক? আমেৰিকাই মুকলি কৰিলে VIDEO

ড্ৰ’ন কেমেৰাৰ সহায়ত ৰেকৰ্ড কৰা এই ভিডিঅ’টোত স্পষ্টভাৱে দেখা গৈছে বাগদাদীয়ে আত্মগোপন কৰি থকা স্থান।

News18-Assam
Updated:October 31, 2019, 8:11 AM IST
কেনেকৈ হত্যা কৰা হৈছিল ISISৰ মুৰব্বী বাগদাদীক? আমেৰিকাই মুকলি কৰিলে VIDEO
ড্ৰ’ন কেমেৰাৰ সহায়ত ৰেকৰ্ড কৰা এই ভিডিঅ’টোত স্পষ্টভাৱে দেখা গৈছে বাগদাদীয়ে আত্মগোপন কৰি থকা স্থান।
News18-Assam
Updated: October 31, 2019, 8:11 AM IST
বিশ্বৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আৰু ইছলামিক ষ্টেট (IS)ৰ মুৰব্বী আবু বক্কৰ অল বাগদাদীক শনিবাৰে হত্যা কৰে আমেৰিকাই। এই অভিযানৰ ভিডিঅ’ আৰু ফটো মুকলি কৰিছে আমেৰিকাই। আমেৰিকাৰ স্পেচিয়েল ফ’ৰ্চে বাগদাদীৰ ঠিকনাত আক্ৰমণৰ ভিডিঅ’ মুকলি কৰিছে আমেৰিকান সেনাই। প্ৰায় দুঘণ্টা ধৰি চলিছিল এই অভিযান।

ড্ৰ’ন কেমেৰাৰ সহায়ত ৰেকৰ্ড কৰা এই ভিডিঅ’টোত স্পষ্টভাৱে দেখা গৈছে বাগদাদীয়ে আত্মগোপন কৰি থকা স্থান। আমেৰিকান সেনাই বাৰম্বাৰ ঘৰটোত থকা লোকসকলক বাহিৰলৈ আহিবলৈ আহ্বান জনাইছিল। কিছু সময় পিছতে আমেৰিকান সেনাই ঘেৰাও কৰে সমগ্ৰ অঞ্চলটো। ঘৰটোলৈ লক্ষ্য কৰি আমেৰিকান সেনাই আক্ৰমণ চলোৱা দেখা গৈছে ভিডিঅ’টোত। আমেৰিকান সেনাই অঞ্চলটো ঘেৰাও কৰাৰ পিছতে বাগদাদীয়ে বোমাৰে নিজকে উৰুৱাই দিয়ে।



এই ঘটনাত দুটি শিশুৰো মৃত্যু হয়। তাৰ কিছু সময় পিছতে বাগদাদীৰ ডিএনএ পৰীক্ষা কৰা হয়। আমেৰিকাৰ চেন্ট্রেল কমাণ্ডৰ কমাণ্ডাৰ জেনেৰেল ফ্ৰেংকে কয় যে বাগদাদীৰ ডিএনএ নমুনা ইৰাকৰ কেম্প বুকাত ২০০৪ চনত লোৱা হৈছিল। ইয়াৰ পিছতে F-15 যুঁজাৰু বিমানেৰে সেই চৌহদটো ধ্বংস কৰা হয়।

বোমাৰে ধ্বংস কৰা হয় বাগদাদীয়ে লুকাই থকা ঘৰটো


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি