உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Plane Accident: ৪ ভাৰতীয়সহ আছে ২২ যাত্ৰী! হঠাৎ নিৰুদ্দেশ বিমান! নেপালৰ মাজ আকাশত মহাৰহস্য

    Plane Accident: ৪ ভাৰতীয়সহ আছে ২২ যাত্ৰী! হঠাৎ নিৰুদ্দেশ বিমান! নেপালৰ মাজ আকাশত মহাৰহস্য

    জানিব পৰা গৈছে যে, বিমানখন পোখৰাৰ পৰা জামচনলৈ গৈ আছিল। সেই সময়ত, বিমানখনৰ সৈতে যোগাযোগ মাজ আকাশত নাইকীয়া হৈ গৈছিল। 

    জানিব পৰা গৈছে যে, বিমানখন পোখৰাৰ পৰা জামচনলৈ গৈ আছিল। সেই সময়ত, বিমানখনৰ সৈতে যোগাযোগ মাজ আকাশত নাইকীয়া হৈ গৈছিল। 

    জানিব পৰা গৈছে যে, বিমানখন পোখৰাৰ পৰা জামচনলৈ গৈ আছিল। সেই সময়ত, বিমানখনৰ সৈতে যোগাযোগ মাজ আকাশত নাইকীয়া হৈ গৈছিল। 

    • Share this:
    ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা। নেপালত এখন যাত্ৰীবাহী বিমান মাজ আকাশৰ পৰা নিৰুদ্দেশ হৈছে। প্ৰায় এঘণ্টা ধৰি বিমানখনৰ কোনো সন্ধান পোৱা হোৱা নাই। খবৰ অনুসৰি বিমানখনত ২২ জন যাত্ৰী আছিল। তাৰে মাজৰ চাৰিজন ভাৰতীয়। বিমানখনে পুৱা ৯:৫৫ বজাত যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত আকাশৰ মাজত বিমানখনৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে। যাত্ৰীসকলৰ ভিতৰত তিনিজন জাপানী নাগৰিকো আছিল। বাকী সকলোবোৰ নেপালৰ বাসিন্দা বুলি কোৱা হয়।

    জানিব পৰা গৈছে যে, বিমানখন পোখৰাৰ পৰা জামচনলৈ গৈ আছিল। সেই সময়ত, বিমানখনৰ সৈতে যোগাযোগ মাজ আকাশত নাইকীয়া হৈ গৈছিল।  ঘটনা সন্দৰ্ভত স্থানীয় জিলাৰ উচ্চ পদস্থ বিষয়া নেত্ৰ প্ৰসাদ শৰ্মাই কয় যে, জামচন অভিমুখী বিমানখন মুস্তাং জিলাত উৰা দেখা গৈছিল। অৱশ্যে, বিমানখন তেতিয়া ধৌলাগিৰি পৰ্বতৰ ফালে ঘূৰিছিল।আৰু তাৰ পিছতে আচম্বিতে বিমানখন নিৰুদ্দেশ হৈ পৰে। বহুতে আশংকা কৰে যে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। নেপালৰ প্ৰশাসন এই ঘটনাকলৈ বৰ্তমান চিন্তিত হৈ পৰিছে।
    Published by:Himangshu Bhuyan
    First published: