চলি আছিল লাইভ শ্ব'! হঠাৎ ষ্টুডিঅ' চেটৰ অংশ খহি পৰিল এংকৰৰ মূৰৰ ওপৰত, তাৰ পিছত হ'ল এয়া , Video Viral

News18 Assam | News18-Assam
Updated:March 11, 2021, 10:50 PM IST
চলি আছিল লাইভ শ্ব'! হঠাৎ ষ্টুডিঅ' চেটৰ অংশ খহি পৰিল এংকৰৰ মূৰৰ ওপৰত, তাৰ পিছত হ'ল এয়া , Video Viral
লাইভ শ্ব'ৰ মাজতে সংঘটিত হ'ল এই অঘটন। কথমপি ৰক্ষা পৰিল বাতৰি পৰিৱেশকৰ প্ৰাণ। সামান্যৰূপে নাকত আঘাত পাইছে বাতৰি পৰিৱেশকগৰাকীয়ে।

লাইভ শ্ব'ৰ মাজতে সংঘটিত হ'ল এই অঘটন। কথমপি ৰক্ষা পৰিল বাতৰি পৰিৱেশকৰ প্ৰাণ। সামান্যৰূপে নাকত আঘাত পাইছে বাতৰি পৰিৱেশকগৰাকীয়ে।

  • Share this:
কলম্বিয়াৰ এটা টেলিভিচন চেনেলত সংঘটিত হ'ল এক অঘটন। লাইভ শ্ব' চলি থকাৰ মাজতে খহি পৰে ইএছপিএন টেলিভিচনৰ ষ্টুডিঅ' চেটৰ এটা অংশ আৰু সেই অংশই নিমিষতে আৱৰি পেলায় শ্ব'টোৰ ঘোষকৰ দ্বায়িত্ব লৈ ডেস্কত বহি থকা কাৰ্লোচ অৰ্ডুজক।

কাৰ্লোচৰ মূৰৰ ওপৰতেই চেটৰ সেই অংশ খহি পৰিছিল কিন্তু সৌভাগ্যক্ৰমে এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে কাৰ্লোচ। ঘটনাটোৰ ফলত নাকৰ অংশত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় কাৰ্লোচ। ইএছপিএন টিভিৰ সেই ভিডিও ব্যাপক হাৰত ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।


হঠাৎ সংঘটিত হোৱা এই ঘটনাই জোকাৰি গৈছিল ষ্টুডিঅ'ত থকা প্ৰতিগৰাকী লোককে যদিও লাইভ শ্ব'টো কিছু মুহূৰ্তৰ বাবে চলাই নিয়ে কাৰ্লোচৰ সহ ঘোষকগৰাকীয়ে। আৰু পৰৱৰ্তী কেইটামান মুহূৰ্তৰ ভিতৰতে শ্ব'টো সমাপ্ত কৰি দিয়া হয়। কিয়নো এই ঘটনাক লৈ আতংকিত হৈ পৰিছিল উপস্থিত সকলোলোক।

ইফালে স্বাস্থ্য পৰীক্ষাৰ পিছত অৰ্ডুজে জনায় যে, তেওঁ সামান্য পৰিমাণে নাকত আঘাত পাইছে আৰু তেওঁ বৰ্তমানে সুস্থ।

ইএছপিএন এফ চি ৰেডিঅ'ত সম্প্ৰচাৰৰ সময়ত সংঘটিত এই ঘটনাৰ পিছতে অৰ্ডুজে টুইটযোগে এনেদৰে উল্লেখ কৰে , "যিসকলে যোৱা নিশা সংঘটিত দুৰ্ঘটনাটোৰ পিছত মোৰ খবৰ ল'বলৈ চেষ্টা কৰিছে, মই আপোনালোকক ক'ব বিচাৰিছো স্বাস্থ্য পৰীক্ষাৰ অন্তত বৰ্তমানে মই সুস্থ। নাকত কিছু পৰিমাণে আঘাত পাইছো। খবৰ লোৱা বাবে সকলোকে  ধন্যবাদ জনাইছো।"
Published by: Himangshu Bhuyan
First published: March 11, 2021, 10:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি