কি কি যে ঘটনা নঘটে! প্ৰতিদিনে কিছুমান আচৰিত ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে। এইবাৰ নিউয়ৰ্কত সংঘটিত হৈছে এক আজৱ ঘটনা। নিউয়ৰ্কৰ এহাল পিতৃ-মাতৃয়ে তেওঁলোকৰ নিজৰ প্ৰাপ্তবয়ষ্ক সন্তানক বিয়া কৰাবলৈ আইনী আবেদন কৰিছে। আনকি স্বতন্ত্ৰ স্বায়ত্তশাসন বুলি অভিহিত কৰিছে।
অভিভাৱকে বিচাৰে যে, বেআইনী অভ্যাস বাতিল কৰা উচিত। আদালতত পিতৃ-মাতৃয়ে যুক্তি দিছিল যে, বিবাহ দুজন মানুহৰ মাজৰ এটা বন্ধন, দুগৰাকী ব্যক্তিৰ মাজৰ ঘনিষ্ঠতা আৰু আধ্যাত্মিকতাৰ বৃহত্তৰ প্ৰকাশ হিচাপে দেখা যায়। আৰু সেই সম্পৰ্ক তেওঁলোকৰ সৈতে তেওঁলোকৰ সন্তানৰ আছে। গতিকে এই ক্ষেত্ৰত কোনো বাধা থকা উচিত নহয় বুলি অভিহিত কৰিব বিচাৰে আবেদনকাৰী পিতৃ-মাতৃয়ে।
প্ৰস্তাৱিত সন্তান প্ৰাপ্তবয়ষ্ক আৰু জৈৱিকভাবে তেওঁলোকৰ মাজত পিতৃ-মাতৃ আৰু সন্তানৰ সম্পৰ্ক আছে। কিন্তু নিউয়ৰ্কৰ আইন অনুসৰি, অতি নিকট আত্মীয়ৰ মাজত যৌন সম্পৰ্ক এটা তৃতীয় ডিগ্ৰীৰ অপৰাধ। চাৰি বছৰৰ কাৰাদণ্ড হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত ৰেহাই বিচাৰি পিতৃ-মাতৃয়ে আদালতত দাখিল কৰিছে আবেদন।