পাকিস্তানত ১,৭৫,০০০ লোকক কোৰোণা টেষ্ট নকৰাকৈয়ে ওভতাই পঠিয়ালে হাস্পতালৰ পৰা, এতিয়া লাগিছে হাহাকাৰ

News18 Assam | News18-Assam
Updated:April 16, 2020, 11:21 AM IST
পাকিস্তানত ১,৭৫,০০০ লোকক কোৰোণা টেষ্ট নকৰাকৈয়ে ওভতাই পঠিয়ালে হাস্পতালৰ পৰা, এতিয়া লাগিছে হাহাকাৰ
পাকিস্তানত এতিয়ালৈকে ৫০জনৰো অধিক চিকিৎসক মাস্ক আৰু পিপিই কিটৰ অভাৱত কোৰোণাত আক্ৰান্ত হৈছে, মৃত্যু হৈছে কেইবাজনৰো।

পাকিস্তানত এতিয়ালৈকে ৫০জনৰো অধিক চিকিৎসক মাস্ক আৰু পিপিই কিটৰ অভাৱত কোৰোণাত আক্ৰান্ত হৈছে, মৃত্যু হৈছে কেইবাজনৰো।

  • Share this:
পাকিস্তানত কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে ৬২০০জনৰো অধিক লোক। ইয়াৰ ভিতৰত ১১৭জন লোকৰ মৃত্যু হৈছে দেশখনত। পোহৰলৈ আহিছে যে দেশখনৰ হাস্পতালত কোৰোণা পৰীক্ষা কৰিবলৈ যোৱা ১,৭৫,০০০ লোকক পৰীক্ষা নকৰাকৈয়ে ওভতাই পঠিওৱা হৈছে। হাস্পতাল কৰ্তৃপক্ষৰ মতে, তেওঁলোকে সেই নিয়মে মানি চলিছে, যি নিয়ম চৰকাৰে বনাইছে।

উৰ্দু সংবাদ পত্ৰ ‘ডেইলী জংগ’ৰ এক ৰিপ’ৰ্ট অনুসৰি, পাকিস্তানৰ হাস্পতালত কোৰোণাৰ সন্দেহত পৰীক্ষা কৰাবলৈ ২,৫০,০০০ লোক উপস্থিত হৈছিল, কিন্তু ইয়াৰ ভিতৰত কেৱল ৭৪,০০০ জনৰহে পৰীক্ষা কৰা হয়। পৰীক্ষা নকৰাকৈয়ে হাস্পতালৰ পৰা ওভতাই পঠিওৱা হয় ১,৭৫,০০০ লোকক। সংবাদ পত্ৰখনৰ দাবী, আৰম্ভণিতে হাস্পতাললৈ যোৱা লোকক টেষ্ট কিট আৰু আন উপকৰণৰ অভাৱত ওভতাই পঠিওৱা হয় য’ত আঢ়ৈ লাখ লোকৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিট এতিয়াও পাকিস্তানৰ ওচৰত আছে। যিমানসংখ্যক লোকৰ পৰীক্ষা কৰা হৈছে তাৰ ভিতৰত ৬০০০ৰো অধিক লোকৰ সংক্ৰমিত পোৱা গৈছে। ইমান বৃহৎসংখ্যক লোকক পৰীক্ষা নকৰোৱাকৈ ওভতাই পঠিওৱাৰ পিছত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত।

কোৰোণাৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া চিকিৎসক, নাৰ্ছৰ ওচৰত নাই মাস্ক, গ্ল’ভছ আৰু পিপিই কিট। যাৰ ফলত সোমবাৰে পাকিস্তানত ২২গৰাকী চিকিৎসক কোৰোণাত আক্ৰান্ত হয়। পাকিস্তানত এতিয়ালৈকে ৫০জনৰো অধিক চিকিৎসক মাস্ক আৰু পিপিই কিটৰ অভাৱত কোৰোণাত আক্ৰান্ত হৈছে, মৃত্যু হৈছে কেইবাজনৰো। পাকিস্তান মেডিকেল এছ’চিয়েচনে কয় যে দেশত এতিয়ালৈকে ১০০ৰো অধিক চিকিৎসক, নাৰ্ছ আৰু আন স্বাস্থ্য কৰ্মী এই ভাইৰাছৰ কবলত পৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading