ভাৰতৰ সৈতে যুদ্ধৰ বাবে আমি সাজু – ক’লে পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী ইমৰাণ খানেও ভাবুকি দিছিল ভাৰতক।

News18-Assam
Updated:August 27, 2019, 12:27 PM IST
ভাৰতৰ সৈতে যুদ্ধৰ বাবে আমি সাজু – ক’লে পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী ইমৰাণ খানেও ভাবুকি দিছিল ভাৰতক।
News18-Assam
Updated: August 27, 2019, 12:27 PM IST
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা শংকিত পাকিস্তানে প্ৰতিদিনেই ভাবুকি দি আহিছে ভাৰতক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো একাষৰীয়া হোৱা পাকিস্তানে ভাৰতক দি আহিছে যুদ্ধৰ ভাবুকি। এইবাৰ দেশখনৰ বিদেশ মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীয়ে ভাৰতক ভাবুকি দি কয় যে পাকিস্তান যুদ্ধৰ বাবে সাজু আছে।

ARY নিউজৰ মতে, ইছলামাবাদত কাশ্মীৰক লৈ আয়োজিত এক আলোচনা চক্ৰত কুৰেশ্বীয়ে কয় যে পাকিস্তান কাশ্মীৰীসকলৰ অধিকাৰৰ সুৰক্ষাৰ বাবে যিকোনো পৰ্যায়লৈ যাব। তেওঁ কয় – ভাৰতে কাশ্মীৰৰ পৰা অবৈধভাৱে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰি উত্তেজনাৰ সৃষ্টি কৰিছে। এনে অৱস্থাত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে আৰু তাৰ বাবে আমি সাজু।

কুৰেশ্বীয়ে কয় যে তেওঁ অহা মাহত এই বিষয়টো ৰাষ্ট্ৰসংঘতো উত্থাপন কৰিব। উল্লেখযোগ্য অনুচ্ছেদ ৩৭০ প্ৰসংগত আমেৰিকায়ো সমৰ্থন জনাইছে ভাৰতক। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী ইমৰাণ খানেও ভাবুকি দিছিল ভাৰতক।
আৰু চাওক পৰৱৰ্তী বাতৰি