‘ভাৰতৰ পৰা শিকক,পাকিস্তান চৰকাৰ আপোনালোকে লাজ পোৱা উচিত’, তীব্ৰ ক্ষোভ পাকিস্তানী ছাত্ৰৰ

News18 Assam | News18-Assam
Updated:February 2, 2020, 4:25 PM IST
‘ভাৰতৰ পৰা শিকক,পাকিস্তান চৰকাৰ আপোনালোকে লাজ পোৱা উচিত’, তীব্ৰ ক্ষোভ পাকিস্তানী ছাত্ৰৰ
Photo : bdnews24.com

চীনৰ য়ুহানত থকা ভাৰতীয় শিক্ষাৰ্থীৰ বাবে ভাৰতৰ দূতবাসে লৈছে বিশেষ পদক্ষেপ। কিন্তু পাকিস্তানে...?

  • Share this:
চীনত এতিয়া মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে।  কোৰোণা ভাইৰাছত সৰ্বাধিক আক্ৰান্ত হৈছে চীনৰ য়ুহানত বাস কৰা সকল।  কৰোণা ভাইৰাছৰ ফলত এতিয়ালৈকে মৃত্যুক আঁকোৱালি লৈছে ৩০৪ জন লোকে।  চীনৰ য়ুহানত থকা ভাৰতীয়  শিক্ষাৰ্থীসকলক ভাৰতীয় দূতাৱাসৰ পৰা গাড়ী যোগান ধৰি লৈ অহাৰ ব্যৱস্থা কৰা হৈছে। বাংলাদেশ চৰকাৰেও নিজৰ দেশৰ শিক্ষাৰ্থীৰ বাবে থিক একেধৰণে বিশেষ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

কিন্তু পাকিস্তানে...?

চীনৰ য়ুহানৰ পৰা ভাৰতীয় শিক্ষাৰ্থীক ভাৰতীয় দূতাৱাসৰ পৰা পঠিওৱা বাছত নি থকা সময়ত এজন পাকিস্তানৰ ছাত্ৰই কৰা ভিডিঅ’ই এতিয়া বিশ্বজুৰি লাভ কৰিছে বিশেষ চৰ্চা। ভিডিঅ’টোত ছাত্ৰ জনে পাকিস্তানৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

ভিডিঅ’টোত ছাত্ৰ জনে কয় যে, ‘ ধিক্কাৰ পাকিস্তান চৰকাৰ, ভাৰতৰ পৰা কিবা এটা শিকক। আপোনালোকে লাজ পোৱা উচিত।   বাংলাদেশেও নিজ দেশৰ শিক্ষাৰ্থীৰ বাবে লৈছে বিশেষ পদক্ষেপ। অকল পাকিস্তান চৰকাৰে চীনত থকা নিজৰ শিক্ষাৰ্থীসকলক কৈছে, সংক্ৰমণ হলেও তাতেই থাকা, আমি একো কৰিব নোৱাৰো।’



আৰু চাওক
পৰৱৰ্তী বাতৰি