সাপ–ঘঁৰিয়াল নহয়, এইবাৰ আত্মঘাতী বোমাৰুৰ ৰূপত মোদীক ভাবুকি পাকিস্তানৰ পপ গায়িকা ৰবি পীৰজাদাৰ

উল্লেখযোগ্য যে গানতকৈ নিজৰ আজৱ কৰ্মকাণ্ডৰ বাবেহে অধিক চৰ্চাত থাকে ৰবি পীৰজাদা।

News18-Assam
Updated:October 23, 2019, 12:05 PM IST
সাপ–ঘঁৰিয়াল নহয়, এইবাৰ আত্মঘাতী বোমাৰুৰ ৰূপত মোদীক ভাবুকি পাকিস্তানৰ পপ গায়িকা ৰবি পীৰজাদাৰ
উল্লেখযোগ্য যে গানতকৈ নিজৰ আজৱ কৰ্মকাণ্ডৰ বাবেহে অধিক চৰ্চাত থাকে ৰবি পীৰজাদা।
News18-Assam
Updated: October 23, 2019, 12:05 PM IST
আজৱ কৰ্মকাণ্ডৰে ভাৰতক সততে ভাবুকি দিয়াৰ নাটক কৰা পাকিস্তানী পপ গায়িকা ৰবি পীৰজাদাৰ আন এক নাটক। আকৌ এবাৰ গায়িকাগৰাকীয়ে ভাবুকি দিলে ভাৰতক। এইবাৰ টুইটাৰত অস্ত্ৰ–শস্ত্ৰসজ্জিত জেকেট পিন্ধি আত্মঘাতী বোমাৰুৰ ৰূপত পীৰজাদাই আপলোড কৰিছে ফটো। এই ফটো আপলোড কৰি কেপচনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে লিখিছে ভাবুকিভৰা কথা। প্ৰধানমন্ত্ৰী মোদীক হিটলাৰ আখ্যা দিছে গায়িকাগৰাকীয়ে।

ৰবি পীৰজাদাই এই ফটোখনে ভাৰতৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত আমোদৰ সৃষ্টি কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ৰবি পীৰজাদাই কৰাচীৰ ফেশ্বন উইকৰ বাবে প্ৰস্তুতি চলাই আছে।


উল্লেখযোগ্য যে গানতকৈ নিজৰ আজৱ কৰ্মকাণ্ডৰ বাবেহে অধিক চৰ্চাত থাকে ৰবি পীৰজাদা। ইয়াৰ পূৰ্বেও গায়িকাগৰাকীয়ে টুইটাৰত শ্বেয়াৰ কৰিছিল এটা ভিডিঅ’। এই ভিডিঅ’টোত সাপ আৰু ঘঁৰিয়াল লগত লৈ মোদীক ভাবুকি দিছিল পীৰজাদাই।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি