মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »প্ৰধানমন্ত্ৰী মোদীক ভাবুকি দিয়া পাকিস্তানৰ গায়িকাৰ হ’ব পাৰে জে’ল

প্ৰধানমন্ত্ৰী মোদীক ভাবুকি দিয়া পাকিস্তানৰ গায়িকাৰ হ’ব পাৰে জে’ল

ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অজগৰ আৰু ঘঁৰিয়ালৰ সৈতে দেখা গৈছিল পাকিস্তানী গায়িকাগৰাকীক।

ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অজগৰ আৰু ঘঁৰিয়ালৰ সৈতে দেখা গৈছিল পাকিস্তানী গায়িকাগৰাকীক।

  • Share this:
    বিপদত পৰিব পাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাবুকি দিয়া পাকিস্তানী গায়িকা ৰবী পীৰজাদা। জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত প্ৰধানমন্ত্ৰী মোদীক ভাবুকি দিয়া গায়িকাগৰাকী হ’ব পাৰে কাৰাগাৰৰ আলহী। লাহোৰত নিজৰ বিউটী চেলুনত বন্যপ্ৰাণীক পোহনীয়া কৰি ৰখা কাৰ্যৰ বিৰুদ্ধে আৰম্ভ হৈছে আইনী ব্যৱস্থা।

    পাকিস্তানৰ পঞ্জাব অঞ্চলৰ বন্যজন্তু সংৰক্ষণ বিভাগে ৰবী পীৰজাদাৰ বিউটী চেলুনত ভয়ংকৰ বন্যপ্ৰাণী ৰখাৰ বিৰুদ্ধে আইনী ব্যৱস্থা আৰম্ভ কৰিছে। বন্যপ্ৰাণী অধিনিয়ম উলংঘা কৰাৰ অভিযোগত গায়িকাগৰাকীৰ বিৰুদ্ধে লাহোৰৰ এখন স্থানীয় আদালতত চালানো দাখিল কৰা হৈছে। ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অজগৰ আৰু ঘঁৰিয়ালৰ সৈতে দেখা গৈছিল পাকিস্তানী গায়িকাগৰাকীক।

    ভিডিঅ’টোত ৰবী পীৰজাদাই কৈছিল – ‘মই, কাশ্মীৰী যুৱতী নিজৰ সাপৰ সৈতে একেবাৰে সাজু আছো। এই সকলোবোৰ নৰেন্দ্ৰ মোদীৰ বাবে। আপুনি কাশ্মীৰীসকলক ব্যতিব্যস্ত কৰিছে নহয়, এতিয়া নৰকত মৰিবলৈ সাজু হওক।’

    উল্লেখযোগ্য যে ৰবী পাকিস্তানৰ এগৰাকী পপ গায়িকা আৰু কেইবাটাও টেলিভিছন শ্ব’ৰ আঁত ধৰিছে। ২০১৭ চনত লাইমলাইটলৈ আহিছিল যেতিয়া বলীউদ আৰু ছলমান খানৰ বিৰোধিতা কৰিছিল। বিগত দিনত কাশ্মীৰ বিবাদক লৈ এটা গান গোৱাক লৈও চৰ্চাত আছিল গায়িকাগৰাকী।



    SBIৰ গ্ৰাহকসকলে মন দিয়ক! হঠাৎ পইচাৰ প্ৰয়োজন হ’লে কামত আহিব এই সুবিধা

     NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি