সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হিচাপে পৰিচিত পাকিস্তানৰ বিৰুদ্ধে পূৰ্বে বহুবাৰ আফগানিস্তানে দেশখনত তালিবানী সন্ত্ৰাসবাদীলৈ সহায়ৰ হাত আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছিল। শেহতীয়াভাৱে আফগানিস্তানত তালিবানী সন্ত্ৰাসবাদীয়ে ব্যাপক হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ ক্ষেত্ৰতো পাকিস্তানক দোষাৰোপ কৰিছিল চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানে।
কিন্তু এই অভিযোগ যেন প্ৰমাণ হ'ল মঙলবাৰে পুৱা। কাৰণ আফগানিস্তানক অশান্ত কৰাৰ চেষ্টাৰে ব্যাপক হিংসাত্মক কাৰ্যকলাপ চলোৱা তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমেৰিকান এয়াৰফ'ৰ্চে চলোৱা এয়াৰ ষ্ট্ৰাইকত নিহত হৈছে দুগৰাকী পাকিস্তানী সন্ত্ৰাসবাদী। তালিবানী সন্ত্ৰাসবাদীক সহায়ৰ হাত আগবঢ়াবলৈ অহা বহু পাকিস্তানী সন্ত্ৰাসবাদী এতিয়া লক্ষ্য হৈ পৰিছে আমেৰিকান সেনাৰ।
উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে আফগানিস্তানৰ পৰা আমেৰিকাই সেনা অপসাৰণ কৰাৰ পিছতে তালিবানী সন্ত্ৰাসবাদীয়ে ব্যাপক আক্ৰমণ চলাইছিল। আনকি দেশখনৰ ৪খনকৈ প্ৰান্তীয় ৰাজধানীও তালিবানীয়ে নিজৰ দখললৈ নিয়াৰ কথা ঘোষণা কৰিছিল তালিবানৰ প্ৰবক্তা জবিউল্লা মুজাহিদীনিয়ে। কিন্তু শেহতীয়াভাৱে, আমেৰিকাই পুনৰ আফগানিস্তানলৈ সহায়ৰ হাত আগবঢ়োৱাৰ লগে লগে আফগান সেনাই তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে।
বিগত দুটা দিনত আমেৰিকান সেনাৰ সহায়ত আফগান সেনাই তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত নিহত হৈছে ৫শতাধিক তালিবানী সন্ত্ৰাসবাদী। মঙলবাৰে পুৱা আমেৰিকান এয়াৰফ'ৰ্চে চলোৱা আক্ৰমণত ৪জনকৈ তালিবানী সন্ত্ৰাসবাদীৰ দুধৰ্ষ কামাণ্ডাৰ নিহত হোৱাৰ লগতে ১২জন তালিবানী সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱাইছে।
আফগানিস্তানৰ নেজৰাব জিলাত সংঘটিত এই এয়াৰ ষ্ট্ৰাইকতে নিহত হৈছে পাকিস্তানৰ দুই সন্ত্ৰাসবাদী। আমেৰিকান সেনাৰ আক্ৰমণত ধ্বংস হৈছে তালিবানী সন্ত্ৰাসবাদীৰ বিশাল অস্ত্ৰভাণ্ডাৰ। ইতিমধ্যে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আনুষ্ঠানিক টুইটাৰ পেজত এই বিষয়ে তেওঁলোকে সদৰী কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|