চতুৰ্থবাৰ বিয়া পাতিব স্বামীয়ে, যোগ্য পাত্ৰী বিচাৰি সহায় কৰিছে পূৰ্বৰ তিনি পত্নীয়ে!

মজাৰ কথাটো হ’ল, পাত্ৰীৰ নাম হ’ব লাগিব ‘এছ’ বা ‘শ’ আখৰেৰে আৰম্ভ হোৱা। তাৰ কাৰণ হ’ল আদনানৰ বাকী তিনি পত্নীৰ নামো এই আখৰেৰে আৰম্ভ হৈছে।
মজাৰ কথাটো হ’ল, পাত্ৰীৰ নাম হ’ব লাগিব ‘এছ’ বা ‘শ’ আখৰেৰে আৰম্ভ হোৱা। তাৰ কাৰণ হ’ল আদনানৰ বাকী তিনি পত্নীৰ নামো এই আখৰেৰে আৰম্ভ হৈছে।
- News18 Assam
- Last Updated: November 20, 2020, 1:57 PM IST
আদনান থাকে শিয়ালকোট অঞ্চলত। আদনানৰ যেতিয়া ১৬ বছৰ বয়স, তেতিয়াই প্ৰথম বিবাহ হয়। প্ৰথম বিয়াৰ সময়ত আদনান এজন ছাত্ৰ আছিল, পঢ়া–শুনা কৰি আছিল। চাৰি বছৰ পিছত অৰ্থাৎ ২০ বছৰ বয়সত দ্বিতীয় আৰু সেই বছৰেই তৃতীয় বিবাহো কৰায় তেওঁ।
এইবাৰ পুনৰ এবাৰ বিয়াত বহাৰ মন শিয়ালকোটৰ আদনানৰ। মজাৰ কথাটো হ’ল, পাত্ৰীৰ নাম হ’ব লাগিব ‘এছ’ বা ‘শ’ আখৰেৰে আৰম্ভ হোৱা। তাৰ কাৰণ হ’ল আদনানৰ বাকী তিনি পত্নীৰ নামো এই আখৰেৰে আৰম্ভ হৈছে। তেওঁলোকৰ নাম ক্ৰমে শুম্বল, শুবানা আৰু শাহিদা। প্ৰথম পত্নী শুম্বল আৰু আদনানৰ আছে তিনি সন্তান। দ্বিতীয় পত্নী শুবানাৰ সৈতে আছে আৰু দুই সন্তান। যাৰ ভিতৰত এটি সন্তানক তুলি লৈছে তৃতীয় পত্নী শাহিদাই।