ধোনীক নিষিদ্ধ কৰক! টুইটাৰত ট্ৰ’ল পাকিস্তানী ক্ৰিকেট সমৰ্থকৰ

News18
Updated:June 7, 2019, 8:42 PM IST
ধোনীক নিষিদ্ধ কৰক! টুইটাৰত ট্ৰ’ল পাকিস্তানী ক্ৰিকেট সমৰ্থকৰ
বলিদান বেজ থকা উইকেট কিপিং গ্ল’ভচ পিন্ধি বিশ্বকাপৰ খেলপথাৰত নমা টীম ইণ্ডিয়াৰ উইকেট কীপাৰ মহেন্দ্ৰ সিং ধোনীলৈ সমৰ্থন বিচিচিআইৰ।

বলিদান বেজ থকা উইকেট কিপিং গ্ল’ভচ পিন্ধি বিশ্বকাপৰ খেলপথাৰত নমা টীম ইণ্ডিয়াৰ উইকেট কীপাৰ মহেন্দ্ৰ সিং ধোনীলৈ সমৰ্থন বিচিচিআইৰ।

  • News18
  • Last Updated: June 7, 2019, 8:42 PM IST
  • Share this:
বিশ্বকাপত মহেন্দ্ৰ সিং ধোনীয়ে বলিদান বেজ পিন্ধাৰ বিবাদ নিষ্পত্তি হোৱাৰ নাম নোলোৱা হৈছে। এফালে ভাৰতীয় ক্ৰিকেট অনুৰাগী আৰু বিচিচিআইয়ে ধোনীলৈ সমৰ্থন আগবঢোৱাৰ সময়তে চিৰবৈৰী পাকিস্তানে যেন সুযোগহে লাভ কৰিলে! টুইটাৰত পাৰে মানে পাকিস্তানী অনুৰাগীয়ে ধোনীক ট্ৰ’ল কৰিছে। পাকিস্তানৰ সাংবাদিক ছাজিদে টুইট কৰি কয়, আইচিচিয়ে বিচিচিআইক ধোনীৰ গ্লভচৰ পৰা এই চিহ্ন আঁতৰাবলৈ নিৰ্দেশ দিছে। এই টুইটত উবুৰি খাই পৰিছে পাকিস্তানী অনুৰাগীসকল। পাকিস্তানী অনুৰাগীসকল আইচিচিৰ নিৰ্দেশত সুখী হোৱাৰ কথা প্ৰকাশ কৰি সকলো খেলুৱৈৰ কাৰণে একে নিয়মৰ দাবী কৰে। ধোনীক ট্ৰ’ল কৰি একাংশই আনকি তেওঁক নিষিদ্ধ কৰাৰো দাবী কৰে। পাকিস্তানী অনুৰাগীসকলৰ মতে ধোনীক কেইখনমান খেলৰ কাৰণে নিষিদ্ধ কৰিব লাগে।



একাংশৰ মতে নিয়ম সকলোৰে কাৰণে একে হ’ব লাগে।





বিচিচিআইৰ ভূমিকাক লৈ প্ৰশ্ন কৰে একাংশই।



ভাৰতে ক্ৰিকেটক লৈ ৰাজনীতি কৰিছে বুলিও কটাক্ষ কৰে একাংশই।



ধোনীক নিষিদ্ধ কৰাৰ দাবী পাকিস্তানীৰ।



বিশ্বকাপত বলিদান বেজ থকা উইকেট কিপিঙৰ বেজ পিন্ধি ফিল্ডত নমা ধোনীক অৱশ্যে ভাৰতীয়সকলে প্ৰচুৰ সমৰ্থন আগবঢ়াইছে। বিচিচিআইয়ে ও ধোনীক সমৰ্থন জনাইছে। উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা গঠিত চিঅ’ৰ অধ্যক্ষ বিনোদ ৰায়ৰ মতে ধোনীয়ে আইচিচিৰ কোনো নিয়ম ভংগ কৰা নাই।

পিটিআইৰ সৈতে হোৱাৰ বাৰ্তালাপত বিনোদ ৰায়ে কয় যে ধোনীৰ গ্ল’ভচত থকা চিহ্নৰ সৈতে ভাৰতৰ সেনা অথবা সুৰক্ষাবলৰ কোনো সম্পৰ্ক নাই। এনেকুৱাত নিয়ম ভংগৰ কথাই নাহে। বিনোদ ৰায়ে জনোৱা মতে বিচিচিআইয়ে আইচিচিক এই সন্দৰ্ভত আপীল কৰি থৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি