সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে আজি চাহাৰপুৰ জিলাৰ সীমান্তত গুলীবৰ্ষণেৰে এখন ড্ৰোন ভূপতিত কৰাৰ ফলত পঞ্জাৱলৈ পাকিস্তানী দুৰ্বৃত্তৰ ড্ৰাগছ সৰবৰাহ কৰাৰ আন এটা অপচেষ্টা বিফল কৰে। জানিব পৰা মতে, ড্ৰোনখন পাকিস্তানৰ পৰা ভাৰতীয় ভূ-খণ্ডলৈ প্ৰৱেশ কৰি আছিল। বৰ্তমান অঞ্চলটো ঘেৰাও কৰা হৈছে।
বিএছএফৰ শীৰ্ষ সূত্ৰই কয় যে, "সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ সৈন্যই পাকিস্তানৰ পৰা ভাৰতীয় ভূখণ্ডলৈ প্ৰৱেশ কৰা এখন ড্ৰোন অমৃতসৰ গ্ৰাম্য জিলাৰ চাহাৰপুৰ গাঁৱৰ ওচৰৰ অঞ্চলত ভূপতিত কৰে। অঞ্চলটো ঘেৰাও কৰা হৈছিল, আৰক্ষী আৰু সংশ্লিষ্ট ভগ্নী সংস্থাসমূহক অৱগত কৰা হৈছে।"
এই কাৰ্যৰ পিছতেই বিএছএফে এখন হেক্সাকপ্টাৰ আংশিক ক্ষতিগ্ৰস্ত অৱস্থাত উদ্ধাৰ কৰিছিল আৰু ইয়াৰ তলত সংলগ্ন বগা ৰঙৰ পলিথিনত সন্দেহজনক সামগ্ৰীও উদ্ধাৰ কৰিছিল।
এই সংক্ৰান্তত বিএছএফৰ জনসম্পৰ্কৰক্ষী বিষয়াই কয় যে, "বিএছএফে আংশিক ক্ষতিগ্ৰস্ত অৱস্থাত ১ খন হেক্সাকপ্টাৰ উদ্ধাৰ কৰে আৰু লগতে চাহাৰপুৰৰ ওচৰৰ সীমান্ত বেৰৰ নিজৰ কাষত থকা খেতিপথাৰত তলত সংলগ্ন বগা ৰঙৰ পলিথিনৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে।"
মন কৰিবলগীয়া যে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত সীমান্ত সুৰক্ষা বাহিনীৰ তৰফৰ পৰা অনুসন্ধান বৰ্তমান অব্যাহত আছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : November 29, 2022, 14:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।