পাকিস্তানৰ নিউজ চেনেল হেক, উৰিল ভাৰতৰ জাতীয় পতাকা, দিলে- ‘স্বাধীনতা দিৱসৰ শুভেচ্ছা’

News18 Assam | News18-Assam
Updated:August 3, 2020, 3:54 PM IST
পাকিস্তানৰ নিউজ চেনেল হেক, উৰিল ভাৰতৰ জাতীয় পতাকা, দিলে- ‘স্বাধীনতা দিৱসৰ শুভেচ্ছা’
সংবাদ মাধ্যমৰ ফালৰ পৰা কোৱা হৈছে যে, হঠাত্‍ কিদৰে এই ঘটনা ঘটিল, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই

সংবাদ মাধ্যমৰ ফালৰ পৰা কোৱা হৈছে যে, হঠাত্‍ কিদৰে এই ঘটনা ঘটিল, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই

  • Share this:
পাকিস্তানৰ প্ৰথম শাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘ডন’ নিউজ চেনেল হেক কৰি হেকাৰে উৰুৱালে ভাৰতৰ জাতীয় পতাকা। আৰু দিলে স্বাধীনতা দিৱসৰ শুভেচ্ছা। এটা বিজ্ঞাপন চলি থকাৰ মাজতে পাকিস্তানৰ জনপ্ৰিয় সংবাদ গোষ্ঠীটোত ঘটা এই ঘটনাত হতবাক হৈ পৰে সকলো। ঘটনাৰ বহু কেইটা ভিডিঅ’ ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে। খবৰ অনুসৰি, দুপৰীয়া প্ৰায় ৩.৩০ বজাত দেওবাৰে ঘটে এই ঘটনা।



সংবাদ মাধ্যমৰ ফালৰ পৰা জনোৱা মতে, হঠাত্‍ কিদৰে এই ঘটনা ঘটিল, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। সাধাৰণ নিয়ম মতেই বিজ্ঞাপন চলিছিল। সেইসময়তে চেনেলটোত ভাৰতীয় পতাকাৰ লগতে স্বাধীনতা দিৱসৰ শুভেচ্ছা দিয়া দেখা যায়। কেইবা ছেকেণ্ড ধৰি টেলিভিচনৰ পৰ্দাত দেখা যায় ভাৰতীয় জাতীয় পতাকা। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে এতিয়া আৰম্ভ কৰিছে তদন্ত।




ঘটনাৰ পিছতে ছচিয়েল মিডিয়াত বিয়পি পৰে ভিডিঅ’। কিন্তু এই সন্দৰ্ভত চেনেল কৰ্তৃপক্ষৰ তৰফৰ পৰা এই পৰ্যন্ত কোনো বিবৃতি দিয়া নাই।
Published by: Himangshu Bhuyan
First published: August 3, 2020, 3:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading