কোনে কৈছে কোভিড পৰিস্থিতিৰ মাজত বিয়া–সবাহৰ জাকজমক নাই! পৰিয়ালৰ সদস্যসকলৰ সৈতে পাৰ হৈছে বহু বিয়াৰ পৰ্ব। পাকিস্তানৰ এক ভাইৰেল ভিডিঅ’ দেখিলে অবাক হৈ পৰিব আপুনি। কাৰণ সেই বিয়াখনত কইনা পিন্ধিলে ১০০ কেজি ওজনৰ লেহেংগা। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
ভিডিঅ’টো দেখি সকলোৰে প্ৰশ্ন, ইমান ওজন আৰু ডাঙৰ লেহেংগা কিদৰে চম্ভালিছে কইনাই! কাৰণ ১০০ কেজি ওজনৰ লেহেংকা পিন্ধি সাধাৰণ কথা নহয়। বিয়ালৈ অহা অতিথিসকলো অবাক কইনাৰ পোছাক দেখি।
বিয়ালৈ অহা অতিথিসকলে জনাইছে, ইমান বিশাল লেহেংগা জীৱনত কেতিয়াও দেখা নাই! কেৱল ওজনেই নহয়, কইনাৰ সেই লেহেংগা দেখাতো আছিল অতি আকৰ্ষণীয়। হাতৰ চিলাইৰ কামেৰে জলমল কৰিছিল লেহেংগা। বিয়াত সকলোৱে কইনাৰ লেহেংগাক লৈয়ে অধিক ব্যস্ত হোৱা দেখা যায়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 31, 2021, 12:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।