• Home
  • »
  • News
  • »
  • world
  • »
  • টেলিভিশ্যন টক শ্ব'ৰ মাজতে বিৰোধী সাংসদৰ গালত প্ৰচণ্ড চৰ শোধালে শাসকীয় দলৰ মহিলা নেত্ৰীয়ে, Video

টেলিভিশ্যন টক শ্ব'ৰ মাজতে বিৰোধী সাংসদৰ গালত প্ৰচণ্ড চৰ শোধালে শাসকীয় দলৰ মহিলা নেত্ৰীয়ে, Video

এই ক্লীপ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ক্লীপ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ক্লীপ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

  • Share this:
বিশ্বৰ প্ৰায় সকলো বাতৰি চেনেলৰ অনুষ্ঠানতে ৰাজনৈতিক বাদানুবাদ বৰ্তমান সময়ত এক সুলভ দৃশ্য। এনে অনুষ্ঠানৰ মাজত কেতিয়াবা অথন্তৰ হোৱাও দেখা যায়।  এইবাৰ অনুষ্ঠান চলি থকাৰ মাজতে বিৰোধী দলৰ সাংসদৰ গালত প্ৰচণ্ড চৰ শোধালে শাসকীয় পক্ষৰ মহিলা নেত্ৰীয়ে।

এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ এটা টেলিভিশ্যন চেনেলৰ ষ্টুডিঅ'ত।  দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দলৰ নেত্ৰীগৰাকীয়ে সাংসদগৰাকীক চোলাৰ কলাৰত ধৰি চৰিওৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, পাকিস্তানৰ এটা ব্যক্তিগত টেলিভিশ্যন চেনেলৰ মঞ্চত দেশখনৰ ৰাজনৈতিক পৰিস্থিতিকলৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বিশেষ উপদেষ্টা ডা০ ফিৰদৌচ আছিক অবান আৰু বিৰোধী দল টিপিপিৰ সাংসদ কাদিৰ মন্দখৌলৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল। আৰু পৰিস্থিতিয়ে এটা সময়ত এনে ৰূপ পালেগৈ যে, ডা০ ফিৰদৌছে কাদিৰ মন্দখৌলক চোলাৰ কলাৰত ধৰি চৰিয়াই দিয়ে।


এই ক্লীপ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ডা০ ফিৰদৌচ আছিক অবানে টুইটাৰত এটা ভিডিও শ্বেয়াৰ কৰি দাবী কৰিছে যে, ট'ক শ্ব'ত মন্দাখেলে বাৰে বাৰে তেওঁক আমনি কৰিছিল আৰু আত্মৰক্ষাৰ বাবে তেওঁ সেই কাম কৰিবলৈ বাধ্য হৈছিল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি