চাৰিওফালৰ পৰা মুখথেকেচা খোৱা পাকিস্তানে এতিয়া নিজৰ দেশতে কৰিব প্ৰতিবাদ

পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদ আহমেদে কয় যে এই প্ৰতিবাদস্বৰূপে দেশখনত সকলো ৰে’লৰ চলাচল ১ মিনিটৰ বাবে বন্ধ কৰি দিয়া হ’ব।

News18-Assam
Updated:August 30, 2019, 7:47 AM IST
চাৰিওফালৰ পৰা মুখথেকেচা খোৱা পাকিস্তানে এতিয়া নিজৰ দেশতে কৰিব প্ৰতিবাদ
bdnews24.com
News18-Assam
Updated: August 30, 2019, 7:47 AM IST
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছতে শংকিত পাকিস্তানে বিশ্বৰ বিভিন্ন দেশৰ ওচৰত সহায় বিচাৰিছিল। কিন্তু ভাৰতৰ বিৰুদ্ধে কোনো দেশেই পাকিস্তানৰ সৈতে থিয় হ’বলৈ মান্তি নহ’ল। এতিয়া পাকিস্তানে কাশ্মীৰক লৈ শুকুৰবাৰে সমগ্ৰ দেশতে সাব্যস্ত কৰিব প্ৰতিবাদ।দুপৰীয়া ১২ৰ পৰা ১২.৩০ বজাৰ ভিতৰত সাব্যস্ত কৰা হ’ব এই প্ৰতিবাদ।

কাশ্মীৰক লৈ গঠিত পাকিস্তানী পাৰ্লিয়ামেণ্টেৰী কমিটীৰ বৈঠকত পাক নেচনেল এছেম্বলীৰ অধ্যক্ষ ফখৰ ইমামে কয় যে দেশৰ সংসদৰ পৰামৰ্শমৰ্মে শুকুৰবাৰে দুপৰীয়া ১২ বজাত দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

ইয়াৰ লগতে পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদ আহমেদে কয় যে এই প্ৰতিবাদস্বৰূপে দেশখনত সকলো ৰে’লৰ চলাচল ১ মিনিটৰ বাবে বন্ধ কৰি দিয়া হ’ব।

ইণ্টাৰ ছাৰ্ভিচ পাব্লিক ৰিলেচনৰ সঞ্চালক মেজৰ জেনেৰেল আছিফ গফুৰে কয় যে শুকুৰবাৰে দুপৰীয়াৰ এই সময়খিনিক ‘কাশ্মীৰ আৱাৰ’ ঘোষণা কৰা হয় আৰু এই উপলক্ষে পাকিস্তান আৰু কাশ্মীৰৰ ৰাষ্ট্ৰীয় সংগীত বজোৱা হ’ব। উল্লেখযোগ্য যে ইয়াৰ আগৰ সপ্তাহত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ঘোষণা কৰিছিল যে ৩০ আগষ্টৰ পৰা প্ৰতি সপ্তাহে কাশ্মীৰৰ লোকসকলৰ বাবে দুপৰীয়া ১২ বজাৰ পৰা ১২.৩০ বজাৰ ভিতৰত দেশত কাৰ্যসূচী আৰম্ভ কৰা হ’ব।

জি–৭ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰি কৈছিল যে কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়। সেই প্ৰসংগত ইমৰাণ খানে কৈছিল যে ভাৰতে যি কৰিব লাগে কৰিলে, এতিয়া আমাৰ পাল। উল্লেখযোগ্য যে কাশ্মীৰ প্ৰসংগত পাকিস্তানে কেইবাখনো দেশৰ ওচৰত সহায় বিচাৰিছিল, কিন্তু চীনৰ বাদে সকলো দেশেই পাকিস্তানৰ পক্ষত থিয় হ’বলৈ অস্বীকাৰ কৰিছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি