হিন্দু যুৱতীৰ কাৰণে তীব্ৰ আতংকৰ কাৰণ পাকিস্তানৰ এজন ব্যক্তি

পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ঘোটকী জিলাত হিন্দুসকলে অত্যন্ত আতংকৰ মাজেৰে দিন কটাবলগীয়া হৈছে। এই ঠাইৰ সংখ্যালঘু হিন্দুসকলক দিনে–নিশাই সংঘৰ্ষ আৰু আক্ৰমণৰ ভয়ে উদ্বিগ্ন কৰি ৰাখে। এই ঘটনাসমূহৰ আঁৰৰ ব্যক্তিজনৰ নাম মিয়াঁ মিত্থু।

News18
Updated:September 17, 2019, 11:35 AM IST
হিন্দু যুৱতীৰ কাৰণে তীব্ৰ আতংকৰ কাৰণ পাকিস্তানৰ এজন ব্যক্তি
ফাইল ফটোঃপাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে মিয়াঁ মিত্থু।
News18
Updated: September 17, 2019, 11:35 AM IST
এগৰাকী হিন্দু শিক্ষকৰ বিৰুদ্ধে এটা ভিত্তিহীন অভিযোগক কেন্দ্ৰ কৰি পাকিস্তানত সংখ্যালঘূ হিন্দুসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছে দুৰ্বৃত্তই। শিক্ষকগৰাকীক গণপ্ৰহাৰ দিয়াৰ লগতে মন্দিৰ ভাঙি লণ্ড ভণ্ড কৰা হৈছে। হিন্দু শিক্ষকগৰাকীৰ বিৰুদ্ধে এজন ছাত্ৰই ধৰ্মকেন্দ্ৰিক এক বিতৰ্কিত টিপ্পনী দিয়াৰ ভুৱা অভিযোগ কৰিছিল।

ইয়াৰ পিছতে হিন্দু সকলক ঘৰৰ ভিতৰত থাকিবলৈ কোৱাৰ লগতে মানুহৰ ঘৰে ঘৰে সোমাই নিৰ্মম অত্যাচাৰ কৰিছে পাকিস্তানী গুণ্ডা বাহিনীয়ে। মন্দিৰ আদিও ভাঙি লণ্ড ভণ্ড কৰা হৈছে।

সিন্ধ প্ৰদেশত আৰক্ষীয়ে সোমবাৰে ২১৮গৰাকী লোকৰ বিৰুদ্ধে মন্দিৰ সহ সম্পত্তি ধ্বংস কৰাৰ তিনিটা গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে সংখ্যালঘূ হিন্দু সম্প্ৰদায়ৰ এজন বিদ্যালয়ৰ প্ৰাচাৰ্যৰ বিৰুদ্ধে ধৰ্মনিন্দাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছতে এই ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

এটা পাকিস্তানী ৱেবছাইটৰ মতে এই সংঘৰ্ষত হাত উজান দিয়াসকলৰ মাজত ধৰ্মীয় নেতা মিয়াঁ মিত্থুৰ সমৰ্থকসকলো আছিল। এইজন মিয়াঁ মিত্থুৰ নেতৃত্বত সিন্ধ প্ৰদেশত হিন্দু মহিলাসকলক জোৰ–জুলুমকৈ ধৰ্ম পৰিৱৰ্তনৰ অলেখ অভিযোগ আছে। 

কোন এই মিয়াঁ মিত্থু?

–মিয়াঁ মিত্থুক লৈ পাকিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মাজত আতংকৰ পৰিৱেশ বিৰাজমান। যিসকলে ইছলাম গ্ৰহণ নকৰে তেওঁলোকক মিয়াঁ মিত্থুৱে কিডনেপ কৰায়।

–মিয়াঁ মিত্থু পাকিস্তান পিপলছ পাৰ্টীৰ সদস্য। এই দলটোৱে সদায় হিন্দু যুৱতীসকলক টাৰ্গেট কৰি থাকে।

–মিয়াঁ মিত্থুৰ আচল নাম পীৰ আব্দুল হক আকা হয়। পাকিস্তানৰ হিন্দুসকলে বিতৰ্কিত মিয়াঁ মিত্থুৰ কেবাবাৰো বিৰোধ কৰিছে। আটাইতকৈ ডাঙৰ কথা সোঁ–পন্থী কাৰ্যকৰ্তাসকলেও তেওঁৰ কাণ্ডৰ বহুবাৰ বিৰোধ কৰিছে।

–কিছুদিন পূৰ্বে হিন্দুসকলে মিয়াঁ মিত্থুক গ্ৰেপ্তাৰ কৰাৰ দাবীৰ প্ৰতিবাদী সমদলো উলিয়াইছিল।

–লাহোৰৰ ফেজাল স্কোৱাৰত কেবাবাৰো তেওঁৰ বিৰুদ্ধে ধৰ্ণা দিয়া হৈছে। তেওঁৰ বিৰুদ্ধে সংখ্যালঘূ দিৱসৰ দিনাও প্ৰতিবাদ হৈছিল।

–ধৰ্ম পৰিৱৰ্তনৰ শেহতীয়া এক ঘটনাত এগৰাকী হিন্দু মহিলাৰ অপহৰণৰ সৈতে মিয়াঁ মিত্থুৰ নাম সাঙোৰ খাই পৰিছিল।

–যোৱা কিছু দিনৰ পৰা পাকিস্তানৰ কৰাচীত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা বাঢ়িছে। ইয়াত ৬আগষ্টৰ এগৰাকী হিন্দু চিকিৎসক হত্যাৰ ঘটনাও অন্তৰ্ভুক্ত।

–মিয়াঁ মিত্থুৰ ওপৰত দীঘলীয়া সময়ৰ পৰা অভিযোগ যে তেওঁ কমবয়সীয়া ছোৱালীবোৰ অপহৰণ কৰি ধৰ্ম পৰিৱৰ্তন কৰে আৰু তাৰ পিছত কোনো ইছলামধৰ্মী ব্যক্তিৰ সৈতে ছোৱালীজনীৰ জোৰ–জুলুমকৈ বিয়া কৰায়।
আৰু চাওক পৰৱৰ্তী বাতৰি