শ্ৰীলংকাৰ বিৰুদ্ধে পৰাজয়ৰ গ্লানি সহিব পৰা নাই, অধিনায়ক শ্বৰফৰাজৰ প’ষ্টাৰখনকে প্ৰহাৰ কৰিছে অনুৰাগীয়ে,Video Viral

শ্ৰীলংকাৰ বিৰুদ্ধে পাকিস্তানৰ শোচনীয় পৰাজয়। এখন মেচো জিকিব নোৱাৰিলে পাকিস্তানে

News18-Assam
Updated:October 11, 2019, 2:58 PM IST
শ্ৰীলংকাৰ বিৰুদ্ধে পৰাজয়ৰ গ্লানি সহিব পৰা নাই, অধিনায়ক শ্বৰফৰাজৰ প’ষ্টাৰখনকে প্ৰহাৰ কৰিছে অনুৰাগীয়ে,Video Viral
শ্ৰীলংকাৰ বিৰুদ্ধে পাকিস্তানৰ শোচনীয় পৰাজয়। এখন মেচো জিকিব নোৱাৰিলে পাকিস্তানে
News18-Assam
Updated: October 11, 2019, 2:58 PM IST
খং উঠিছে পাকিস্তানৰ ক্ৰিকেট অনুৰাগীৰ! পাকিস্তানৰ ক্ৰিকেট দলৰ অধিনায়ক শ্বৰফৰাজ আহমেদক কাষত নাপাই , শ্বৰফৰাজৰ প’ষ্টাৰ খনকে প্ৰহাৰ কৰিছে এগৰাকী পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে। ছচিয়েল মিডিয়াত ভিডিঅ’টো আপলোড কৰাৰ পিছতে এতিয়া ভাইৰেল হৈ পৰা দেখা গৈছে।

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পাকিস্তানৰ মাটিত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা। শ্ৰীলংকাৰ বিৰুদ্ধে ভাগলোৱা তিনিখন টি২০ মেচত পাকিস্তানে লজ্জাজনক ভাবে পৰাজয়বৰণ কৰাত এতিয়া খঙত অগ্নিশৰ্মা হৈ পৰে এগৰাকী পাকিস্তানী ক্ৰিকেট অনুৰাগী। তৃতীয় তথা অন্তিমখন টি২০ মেচত শ্ৰীলংকাই বান্ধি দিয়া ১৪৭ ৰাণৰ লক্ষ্য আগত ৰাখি ইনিংছ আৰম্ভ কৰা পাকিস্তানে ১৩৪ ৰাণতে ইনিংছ সামৰি পৰাজয়বৰণ কৰে। যাৰ বাবে এতিয়া দেশখনৰ ক্ৰিকেট অনুৰাগীয়ে পাকিস্তানী ক্ৰিকেট দলক তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে।

চাওক ভিডিঅ’


আৰু চাওক পৰৱৰ্তী বাতৰি