• Home
  • »
  • News
  • »
  • world
  • »
  • Exceptional Bride-Groom : এখন অনন্য বিয়া ! বিয়াৰ স্মৃতি যুগমীয়া কৰিবলৈ দৰা-কইনাই কৰিলে এই কাণ্ড, ভাইৰেল VIDEO

Exceptional Bride-Groom : এখন অনন্য বিয়া ! বিয়াৰ স্মৃতি যুগমীয়া কৰিবলৈ দৰা-কইনাই কৰিলে এই কাণ্ড, ভাইৰেল VIDEO

Exceptional Bride-Groom : যেতিয়া দৰা আৰু কইনা (bride and groom)ই ৰাস্তাত জেচিবিত থিয় হৈ আছিল, ব্যতিক্ৰমী বিবাহযাত্ৰীক চাবলৈ হৈছিল বিৰাট ভিৰ।

  • Share this:
বিবাহ যিকোনো লোকৰ বাবেই এটা অতি মিঠা অভিজ্ঞতা আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ বিয়াৰ প্ৰতিটো মুহুূৰ্ত চিৰস্মৰণীয় কৰি তুলিবলৈ চেষ্টা কৰে। তেনে এক পৰিকল্পনাৰে পাকিস্তানত সম্পন্ন হ'ল এখন অনন্য বিবাহ।  এই বিয়াত কৰা এটা ভিডিঅ' বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Pakistan video Viral)। য'ত দৰা আৰু কইনাক ফেন্সী কাৰ (Fancy Car) বা ডোলাত নহয়, এখন জেচিবি (JCB)ত লৈ আহিছে। যেতিয়া দৰা আৰু কইনা (Pakistani bride and groom)ই ৰাস্তাত জেচিবিৰ সন্মূখভাগত থিয় হৈ গৈ আছিল, তেতিয়া এই অনন্য  বিবাহযাত্ৰীক চাবলৈ মানুহৰ যথেষ্ট ভিৰ লাগিছিল। এই ভিডিঅ'টো পাকিস্তানৰ হুঞ্জা উপত্যকাৰ। তলত ভিডিঅ'টো চাওক

দৰা-কইনাৰ গাড়ীৰ দৰেই জেচিবিখন অতি সুন্দৰকৈ সজোৱা হৈছে আৰু ইয়াত লাইট পৰ্য্যন্ত লগোৱা হৈছে। দৰাপক্ষই JCBৰ চাৰিওফালে গান গাই, নাচি-বাগি আনন্দ উল্লাসেৰে গৈ আছে। জেচিবিখন অলপ দূৰত গৈয়ে ৰৈ যায় আৰু দৰা-কইনা দুয়ো নামি আহে। তেতিয়াই অতিথিসকলে আতচবাজী আৰম্ভ কৰে। বৰ্তমান এই ভিডিঅ'টো ছচিয়েল মিডিয়াত সাংঘাটিকভৱে ভাইৰেল হৈ পৰিছে।
Published by:Manjumoni Borah
First published: