পাক সেনাৰ ছত্ৰছায়াত PoKত বাহৰ পাতিছে ৫০ জনীয়া সন্ত্ৰাসবাদীৰ দলে, কাশ্মীৰত ভয়ংকৰ আক্ৰমণৰ ষড়যন্ত্ৰ!

News18-Assam
Updated:August 28, 2019, 5:54 PM IST
পাক সেনাৰ ছত্ৰছায়াত PoKত বাহৰ পাতিছে ৫০ জনীয়া সন্ত্ৰাসবাদীৰ দলে, কাশ্মীৰত ভয়ংকৰ আক্ৰমণৰ ষড়যন্ত্ৰ!
ভাৰতীয় সীমাৰ ভিতৰত সন্ত্ৰাসবাদীক মাৰণাস্ত্ৰ যোগানৰো ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হৈছে।

ভাৰতীয় সীমাৰ ভিতৰত সন্ত্ৰাসবাদীক মাৰণাস্ত্ৰ যোগানৰো ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হৈছে।

  • Share this:
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা দিনক দিনে চিন্তা বাঢ়িছে পাকিস্তানৰ। ভাৰতৰ পদক্ষেপত শংকিত পাকিস্তানে সহায় বিচাৰি মুখথেকেচা খাইছে বিভিন্ন দেশৰ ওচৰত। শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ নতুন ষড়যন্ত্ৰ পোহৰলৈ আহিছে।

খবৰ অনুসৰি, মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকিউৰ ৰহমান লাখভীয়ে পাক অধিকৃত কাশ্মীৰত বাহৰ পাতি সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছে। লাখভীৰ নিৰ্দেশত ৪০–৫০ জনীয়া সন্ত্ৰাসবাদীৰ দল ভাৰতত প্ৰৱেশ কৰাৰ প্ৰস্তুতি চলাইছে। ৬–৭টা ভাগত বিভক্ত হৈ এই সন্ত্ৰাসবাদীৰ দলটোৱে সীমান্ত অতিক্ৰম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এই ষড়যন্ত্ৰত হাত উজান দিছে পাকিস্তানী সেনাই।

কোৱা হৈছে যে বালাকোট আক্ৰমণৰ পিছত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত খালী কৰা লঞ্চ পেডত পুনৰ সন্ত্ৰাসবাদীৰ দলে ঘাটি পাতিছে। এই সন্ত্ৰাসবাদীৰ দলটোত প্ৰায় ৩০০ সদস্য থকা বুলি অনুমান কৰা হৈছে। ইয়াৰ লগতে ভাৰতীয় সীমাৰ ভিতৰত সন্ত্ৰাসবাদীক মাৰণাস্ত্ৰ যোগানৰো ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হৈছে।

এয়াও পঢ়ক : পাকিস্তানৰ মন্ত্ৰীয়ে ক’লে – অক্টোবৰ বা তাৰ পিছত ভাৰতৰ সৈতে হ’ব যুদ্ধ

উল্লেখযোগ্য যে পাকিস্তানে ৩ দিনৰ বাবে বন্ধ কৰিছে কৰাচী এয়াৰস্পেচ। ইমৰাণ খানৰ এই সিদ্ধান্তৰ পিছত কৰাচী উৰণক্ষেত্ৰত কোনো দেশৰ বিমানৰ উৰণৰ অনুমতি নাথাকিব। পাকিস্তান চৰকাৰৰ মন্ত্ৰী ফৱাদ হুছেইন চৌধুৰীয়ে ইয়াৰ পূৰ্বে কৈছিল যে ইমৰাণ খানে ভাৰতৰ বাবে সকলো উৰণক্ষেত্ৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে চিন্তা–চৰ্চা কৰি আছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitterত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি