HIVৰ অভিকেন্দ্ৰ পাকিস্তানৰ এখন চহৰ! আক্ৰান্ত ৯০০ৰো অধিক শিশু, কাৰণ জানিলে আচৰিত হ’ব

চিৰিঞ্জ পুনঃব্যৱহাৰ কৰা এজন চিকিৎসকৰ গাফিলতিৰ কাৰণে এই ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হোৱাৰ দাবী স্বাস্থ্য বিভাগে।

News18-Assam
Updated:October 31, 2019, 12:50 PM IST
HIVৰ অভিকেন্দ্ৰ পাকিস্তানৰ এখন চহৰ! আক্ৰান্ত ৯০০ৰো অধিক শিশু, কাৰণ জানিলে আচৰিত হ’ব
চিৰিঞ্জ পুনঃব্যৱহাৰ কৰা এজন চিকিৎসকৰ গাফিলতিৰ কাৰণে এই ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হোৱাৰ দাবী স্বাস্থ্য বিভাগে।
News18-Assam
Updated: October 31, 2019, 12:50 PM IST
পাকিস্তানৰ এখন সৰু চহৰ ৰাট’ডেৰ’ই বিশ্বৰ সংবাদমাধ্যমৰ দৃষ্টি কাঢ়িছে। বছৰটোৰ আৰম্ভনিতে বহুসংখ্যক লোকে কঁপি কঁপি জ্বৰত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসাই কাম নকৰাৰ অভিযোগ উত্থাপন হৈছিল। প্ৰায় প্ৰতিটো পৰিয়ালত এটা হ’লেও শিশু বেমাৰত আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছিল।

এপ্ৰিল মাহত একেধৰণৰ লক্ষণযুক্ত জ্বৰে আৰু অসুখে মহামাৰী সদৃশ ৰূপ লয় আৰু পৰীক্ষাত প্ৰকাশ পায় অতি ভয়ংকৰ তথ্য। চহৰখন H.I.V. আক্ৰান্তৰ অভিকেন্দ্ৰ সদৃশ হৈ পৰিছিল আৰু বিশেষকৈ শিশুসকল আটাইতকৈ বেছি আক্ৰান্ত হৈছিল। স্বাস্থ্য বিষয়াসকলে এইক্ষেত্ৰত এজন চিকিৎসকক জগৰীয়া কৰি একেটা চিৰিঞ্জ বাৰে বাৰে ব্যৱহাৰ কৰাৰ কাৰণকে তুলি ধৰিছিল।

তেতিয়াৰ পৰা প্ৰায় ১,১০০জন নাগৰিকক এইচআইভি পজিটিভি হিচাপে পোৱা গৈছিল আৰু এই পৰিসংখ্যা আছিল প্ৰতি ২০০জনৰ মাজত এজনকৈ লোকৰ। ৯০০ৰো অধিকৰ বয়স আছিল ১২বছৰৰ অনুৰ্ধ। স্বাস্থ্য বিষয়াসকলে আশংকা কৰিছিল যে প্ৰকৃত সংখ্যা আৰু বৃদ্ধি পাব পাৰে যিহেতু কেৱল মুঠ জনসংখ্যাৰ এটা সামান্য অংশৰহে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল।

উচ্চ পৰ্যায়ৰ বিষয়াসকলে যেতিয়া ৰাট’ডেৰ’ত উপস্থিত হৈ চৰজমিন তদন্ত কৰে তেতিয়া ধৰা পৰে যে বেছিভাগ সংক্ৰমিত শিশুৱে একেজন চিকিৎসকৰ ওচৰত চিকিৎসা গ্ৰহণ কৰিছিল।

শিক্ষাৰ পোহৰ বিশেষভাৱে নপৰা আৰু অজ্ঞতাৰ মাজত থকা হোজা লোকসকলৰ মাজত HIVৰ এই ভয়ংকৰ সংক্ৰমণে  বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি