শংকিত পাকিস্তানে বন্ধ কৰিলে ভাৰতৰ সৈতে সকলো বাছ সেৱা

News18-Assam
Updated:August 11, 2019, 10:25 AM IST
শংকিত পাকিস্তানে বন্ধ কৰিলে ভাৰতৰ সৈতে সকলো বাছ সেৱা
পূৰ্বে ভাৰতৰ সৈতে সকলো ব্যৱসায়িক সম্পৰ্ক বন্ধ কৰিছিল।

পূৰ্বে ভাৰতৰ সৈতে সকলো ব্যৱসায়িক সম্পৰ্ক বন্ধ কৰিছিল।

  • Share this:
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ শংকিত পাকিস্তান। ভাৰত আৰু পাকিস্তানৰ মাজত চলা সকলো বাছ সেৱা বন্ধ কৰি দিলে ইমৰান খান চৰকাৰে। পাকিস্তানে শুকুৰবাৰে লাহোৰ–দিল্লী বাছসেৱা বন্ধ কৰাৰ পিছত শনিবাৰে লাহোৰ–অমৃতসৰ আৰু ননকানা ছাহিব–অমৃতসৰ বাছসেৱাও বন্ধ কৰি দিয়ে। ইয়াৰ পূৰ্বে পাকিস্তানে ছমঝোতা এক্সপ্ৰেছৰ চলাচলো বন্ধ কৰিছিল।

জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছৰে পৰা ভাৰতৰ ওপৰত চাপ সৃষ্টিৰ চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে। পূৰ্বে ভাৰতৰ সৈতে সকলো ব্যৱসায়িক সম্পৰ্ক বন্ধ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি