পাকিস্তানে মুকলি কৰি দিলে সন্ত্ৰাসবাদী মাছুদ আজহাৰক! উদ্দেশ্য কি পাকিস্তানৰ?

চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত জম্মু–কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানে গ্ৰেপ্তাৰ কৰিছিল মাছুদ আজহাৰক।

News18-Assam
Updated:September 9, 2019, 11:06 AM IST
পাকিস্তানে মুকলি কৰি দিলে সন্ত্ৰাসবাদী মাছুদ আজহাৰক! উদ্দেশ্য কি পাকিস্তানৰ?
চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত জম্মু–কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানে গ্ৰেপ্তাৰ কৰিছিল মাছুদ আজহাৰক।
News18-Assam
Updated: September 9, 2019, 11:06 AM IST
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। জম্মু–কাশ্মীৰ প্ৰসংগত বিশ্বৰ কোনো দেশৰ পৰা সহায় লাভ কৰা নাই পাকিস্তানে। সেয়েহে এইবাৰ পাকিস্তানে গ্ৰহণ কৰিছে আন এক পদক্ষেপ। খবৰ অনুসৰি, ইমৰাণ খান চৰকাৰে সন্ত্ৰাসবাদী সংগঠন জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক কাৰাগাৰৰ পৰা মুকলি কৰি দিছে।

মাছুদ আজহাৰ ভাৰতত সংসদ ভৱন আক্ৰমণ, মুম্বাই আক্ৰমণ, পুলৱামা কাণ্ড, উৰী আক্ৰমণকে ধৰি বহু ঘটনাৰ মাষ্টাৰমাইণ্ড। মাছুদ আজহাৰক মুকলি কৰি দিয়াৰ পিছত ভাৰতীয় সেনা আৰু নিৰাপত্তাৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে।

চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত জম্মু–কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানে গ্ৰেপ্তাৰ কৰিছিল মাছুদ আজহাৰক। এতিয়া সন্ত্ৰাসবাদী মাছুদক মুকলি কৰি দিয়া ঘটনাই স্পষ্ট কৰিছে যে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় হেঁচাত মাছুদ আজহাৰক গ্ৰেপ্তাৰৰ নাটক ৰচিছিল।

‘হিন্দুস্তান টাইমছ’ৰ ৰিপ’ৰ্টত চোৰাংচোৱা সংস্থাৰে জড়িত সূত্ৰৰ উদ্ধৃতিৰে লিখা হৈছে যে পাকিস্তানে ভাৰতত বৃহৎ আক্ৰমণৰ প্ৰস্তুতি চলাইছে। সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিবলৈ মুকলি কৰি দিয়া হৈছে মাছুদ আজহাৰক। উল্লেখযোগ্য যে চলিত বৰ্ষতে ৰাষ্ট্ৰসংঘই মাছুদ আজহাৰক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি