কি হৈছে পাকিস্তানৰ! এইবাৰ পাকিস্তানৰ মন্ত্ৰীয়ে ক’লে – অক্টোবৰ বা তাৰ পিছত ভাৰতৰ সৈতে হ’ব যুদ্ধ

ইছলামাবাদত কাশ্মীৰক লৈ আয়োজিত এক আলোচনা চক্ৰত পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে কৈছিল যে কাশ্মীৰীসকলৰ অধিকাৰৰ ৰক্ষাৰ বাবে যিকোনো পৰ্যায়লৈ যাব।

News18-Assam
Updated:August 28, 2019, 5:14 PM IST
কি হৈছে পাকিস্তানৰ! এইবাৰ পাকিস্তানৰ মন্ত্ৰীয়ে ক’লে – অক্টোবৰ বা তাৰ পিছত ভাৰতৰ সৈতে হ’ব যুদ্ধ
ইছলামাবাদত কাশ্মীৰক লৈ আয়োজিত এক আলোচনা চক্ৰত পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে কৈছিল যে কাশ্মীৰীসকলৰ অধিকাৰৰ ৰক্ষাৰ বাবে যিকোনো পৰ্যায়লৈ যাব।
News18-Assam
Updated: August 28, 2019, 5:14 PM IST
পাকিস্তানৰ ইমৰাণ খান চৰকাৰৰ এজন মন্ত্ৰীয়ে মন্তব্য কৰিছে যে ভাৰতৰ সৈতে যুদ্ধ হ’ব পাকিস্তানৰ। ইমানেই নহয়, কেতিয়া এই যুদ্ধ আৰম্ভ হ’ব তাকো ক’লে মন্ত্ৰীজনে।

পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদ আহমেদে ভৱিষ্যদ্বাণী কৰিছে যে পাকিস্তান আৰু ভাৰতৰ মাজত শীঘ্ৰেই হ’ব যুদ্ধ। অক্টোবৰ বা তাৰ পিছত এই যুদ্ধ হ’ব বুলিও কয় শ্বেখ ৰছিদে।

সংবাদ প্ৰতিষ্ঠান ANIৰ মতে পাকিস্তানী সংবাদ মাধ্যমে দাবী কৰিছে যে শ্বেখ ৰছিদে এই মন্তব্য কৰিছে।



ইছলামাবাদত কাশ্মীৰক লৈ আয়োজিত এক আলোচনা চক্ৰত পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে কৈছিল যে কাশ্মীৰীসকলৰ অধিকাৰৰ ৰক্ষাৰ বাবে যিকোনো পৰ্যায়লৈ যাব। ভাৰতে কাশ্মীৰত অবৈধভাৱে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰো অভিযোগ তুলিছিল পাকিস্তানৰ বিদেশ মন্ত্ৰীজনে। ইয়াৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হ’ব পাৰে আৰু তাৰ বাবে আমি প্ৰস্তুত বুলিও মন্তব্য কৰিছিল মন্ত্ৰীজনে।
আৰু চাওক পৰৱৰ্তী বাতৰি