আকৌ ভাৰতক যুদ্ধৰ ভাবুকি পাকিস্তানৰ, পৰমাণু যুদ্ধৰ হুংকাৰ দিলে পাকিস্তানৰ মন্ত্ৰীয়ে

শ্বেখ ৰছিদে এক সংবাদমেলত ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা সংঘাতক লৈ কয় – এইবাৰ টেংক–টোপ, বিমান আক্ৰমণ বা নৌসেনাৰ আক্ৰমণ নহয়, চিধাই পৰমাণু যুদ্ধ হ’ব।

News18-Assam
Updated:October 22, 2019, 8:09 AM IST
আকৌ ভাৰতক যুদ্ধৰ ভাবুকি পাকিস্তানৰ, পৰমাণু যুদ্ধৰ হুংকাৰ দিলে পাকিস্তানৰ মন্ত্ৰীয়ে
শ্বেখ ৰছিদে এক সংবাদমেলত ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা সংঘাতক লৈ কয় – এইবাৰ টেংক–টোপ, বিমান আক্ৰমণ বা নৌসেনাৰ আক্ৰমণ নহয়, চিধাই পৰমাণু যুদ্ধ হ’ব।
News18-Assam
Updated: October 22, 2019, 8:09 AM IST
আকৌ ভাৰতক যুদ্ধৰ ভাবুকি দিছে পাকিস্তানে। পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ শিবিৰত ভাৰতীয় সেনাই চলোৱা আক্ৰমণৰ পিছতে আকৌ শংকিত হৈ পৰিছে পাকিস্তান। এইবাৰ পুনৰ পৰমাণু যুদ্ধৰ ভাবুকি দিছে পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে। পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদে ভাৰতক ভাবুকি দি কয় যে এতিয়া দুয়োখন দেশৰ মাজত টোপ–টেংক নহয়, পৰমাণু যুদ্ধ হ’ব।

শ্বেখ ৰছিদে এক সংবাদমেলত ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা সংঘাতক লৈ কয় – এইবাৰ টেংক–টোপ, বিমান আক্ৰমণ বা নৌসেনাৰ আক্ৰমণ নহয়, চিধাই পৰমাণু যুদ্ধ হ’ব।

পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদৰ এয়া প্ৰথম ভাবুকি নহয়। ইয়াৰ পূৰ্বেও জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত মন্ত্ৰীজনে ভাৰতক ভাবুকি প্ৰদান কৰিছিল। অক্টোবৰ–নৱেম্বৰ মাহত ভাৰত–পাকিস্তানৰ মাজত যুদ্ধ হ’ব বুলি মন্তব্য কৰিছিল মন্ত্ৰীজনে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি