অসমপৰ্যন্ত ধ্বংসৰ ভাবুকি পাকিস্তানৰ মন্ত্ৰীৰ, মুছলমানক বচাই আক্ৰমণ কৰিব পৰাকৈ নিৰ্মাণ কৰিছে পাৰমাণৱিক বোমা

News18 Assam | News18-Assam
Updated:August 21, 2020, 9:38 AM IST
অসমপৰ্যন্ত ধ্বংসৰ ভাবুকি পাকিস্তানৰ মন্ত্ৰীৰ, মুছলমানক বচাই আক্ৰমণ কৰিব পৰাকৈ নিৰ্মাণ কৰিছে পাৰমাণৱিক বোমা
ভাৰতবৰ্ষক আক্ৰমণক কৰাৰ  ভাবুকিৰে পাকিস্তানৰ মন্ত্ৰীৰ বিস্ফোৰক সাক্ষাত্‍কাৰ

ভাৰতবৰ্ষক আক্ৰমণক কৰাৰ  ভাবুকিৰে পাকিস্তানৰ মন্ত্ৰীৰ বিস্ফোৰক সাক্ষাত্‍কাৰ

  • Share this:
‘ভাৰতৰ সৈতে এতিয়া আৰু পৰম্পৰাগত যুদ্ধ নহয়, একেবাৰে পাৰমাণিৱক আক্ৰমণ হ’ব।  পাকিস্তানে নিৰ্মাণ কৰিছে এনে এক পাৰমাণৱিক বোমা, যাৰ জৰিয়তে মুছলমান সকলক বচাই অসম পৰ্যন্ত আক্ৰমণ কৰা হ’ব।’-পাকিস্তানৰ এটা সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাত্‍কাৰত পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে ভাৰত আক্ৰমণৰ দিলে ভাবুকি।

ৰাজুহুৱাকৈ ভাৰতবৰ্ষ উৰুৱাই দিয়াৰ ভাবুকি দিয়া পাকিস্তানৰ ৰে’লমন্ত্ৰী শ্বেইখ ৰছিদ আহমেদে দেশখনৰ ‘ছামা টিভি’ সৈতে হোৱা সাক্ষাত্‍কাৰত কয় যে, ‘একেবাৰে অসম পৰ্যন্ত আক্ৰমণ কৰিবলৈ পাকিস্তানৰ হাতত এনে অস্ত্ৰ আছে, যাৰ সহায়ত মুছলমানসকলৰ কোনো ক্ষতি নোহোৱাকৈ দেশ ধ্বংস কৰিব পৰা যাব। এক স্মাৰ্ট পাৰমাণিৱক বোমা নিৰ্মাণ কৰা হৈছে দেশখনত। আৰু এইবাৰ আক্ৰমণ হ’লে ভাৰতবৰ্ষক একেবাৰে শেষ কৰি পেলাব পৰা সামৰ্থ আছে বুলিও কয় পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে।



কিন্তু মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে যে, ভাৰতীয় সেনা এতিয়া পাকিস্তানৰ সেনাতকৈ বহু ওপৰত। গতিকে পৰম্পৰাগত যুদ্ধত ভাৰতক পৰাস্ত কৰাটো কঠিন। গতিকে পাকিস্তানে নিৰ্মাণ কৰিছে অত্যাধুনীক পাৰমাণৱিক বোমা। যি মুছলমানকো বচাব, ভাৰতো ধ্বংস কৰি পেলাব।

সাক্ষাত্‍কাৰটোত জামিয়া-মিলিয়া, শ্বাহিনবাগ, লক্ষ্ণৌ আৰু বেংগালুৰুত  একাংশ মুছলমানলোকে চলোৱা আক্ৰমণকো প্ৰশংসা কৰে পাকিস্তানৰ ৰে’লমন্ত্ৰীগৰাকীয়ে। উচতনি মূলক মন্তব্য প্ৰদান কৰি মন্ত্ৰীজনে কয় যে,  মুছলমানে কেতিয়াও অপমান সহ্য নকৰে।  প্ৰতিশোধ ল’বই।’
Published by: Himangshu Bhuyan
First published: August 21, 2020, 9:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading