পাকিস্তানৰ ৰে’ল মন্ত্ৰীক লণ্ডনত প্ৰহাৰ, গালৈ দলিয়ালে কণী, ভাৰতক দিছিল পাৰমাণৱিক আক্ৰমণৰ ভাবুকি

News18-Assam
Updated:August 23, 2019, 12:06 PM IST
পাকিস্তানৰ ৰে’ল মন্ত্ৰীক লণ্ডনত প্ৰহাৰ, গালৈ দলিয়ালে কণী, ভাৰতক দিছিল পাৰমাণৱিক আক্ৰমণৰ ভাবুকি
আৱামী মুছলিম লীগৰ মুৰব্বী তথা ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদে লণ্ডনত এক পুৰস্কাৰ সমাৰোহত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।

আৱামী মুছলিম লীগৰ মুৰব্বী তথা ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদে লণ্ডনত এক পুৰস্কাৰ সমাৰোহত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।

  • Share this:
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছতে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়া পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদক লণ্ডন একাংশ লোকৰ। প্ৰহাৰ কৰাৰ লগতে ৰছিদৰ গালৈ দলিয়ালে কণী। পাকিস্তানী সংবাদ মাধ্যমৰ তথ্য অনুসৰি, আৱামী মুছলিম লীগৰ মুৰব্বী তথা ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদে লণ্ডনত এক পুৰস্কাৰ সমাৰোহত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।

আক্ৰমণকাৰীয়ে ৰছিদক প্ৰহাৰ কৰাৰ পিছতে তাৰ পৰা আঁতৰি যায়। এই আক্ৰমণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে পাকিস্তান পিপুল্ছ পাৰ্টী (PPP)ৰে সম্পৰ্ক থকা পিপুল্ছ য়ুথ অৰ্গেনাইজেচন ইউৰোপৰ অধ্যক্ষ আছিফ আলী খান আৰু দলৰ গ্ৰেটাৰ লণ্ডন মহিলা শাখাৰ অধ্যক্ষ ছামা নাজে।

ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদে কিছুদিন পূৰ্বে PPPৰ মুৰব্বী বিলাৱল ভুট্টো জৰ্দাৰীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰিছিল, যাক লৈ পিপুল্ছ য়ুথ অৰ্গেনাইজেচন আৰু গ্ৰেটাৰ লণ্ডন মহিলা শাখাৰ সদস্যসকল তেওঁৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল। অৱশ্যে তেওঁলোকে ৰছিদৰ ওপৰত কেৱল কণী দলিওৱাৰ কথাহে স্বীকাৰ কৰিছে।

দুয়ো দলৰ নেতাসকলে কয় যে  – ‘পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰছিদে কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে যে তেওঁৰ বিৰোধিতা কৰাৰ বাবে ব্ৰিটেইনত কণী নিক্ষেপৰ দৰে ‘সভ্য’ পদক্ষেপ গ্ৰহণ কৰা হৈছে।’ এই ঘটনাক লৈ শীঘ্ৰে আৱামীল মুছলিম লীগে গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading