নম্ৰতা চন্দানীৰ ন্যায়ৰ দাবীত পাকিস্তানত উত্তাল প্ৰতিবাদ, কি ওলাল মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টত?

হিন্দু যুৱতীগৰাকীৰ হত্যাৰ প্ৰতিবাদত কৰাচীৰ ৰাজপথত দেখা গ’ল উত্তাল প্ৰতিবাদ।

News18-Assam
Updated:September 18, 2019, 12:40 PM IST
নম্ৰতা চন্দানীৰ ন্যায়ৰ দাবীত পাকিস্তানত উত্তাল প্ৰতিবাদ, কি ওলাল মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টত?
হিন্দু যুৱতীগৰাকীৰ হত্যাৰ প্ৰতিবাদত কৰাচীৰ ৰাজপথত দেখা গ’ল উত্তাল প্ৰতিবাদ।
News18-Assam
Updated: September 18, 2019, 12:40 PM IST
পাকিস্তানৰ কৰাচীত হিন্দু যুৱতী নম্ৰতা চন্দানীৰ হত্যাকাণ্ডক লৈ আৰম্ভ হৈছে প্ৰতিবাদ। খবৰ অনুসৰি, নম্ৰতাৰ হত্যা বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বাবে হৈছিল। মঙলবাৰে লৰকানাৰ হোষ্টেলৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল নম্ৰতাৰ মৃতদেহ। লৰকানাৰ বিবি আছিফা ডেণ্টেল কলেজৰ ছাত্ৰী আছিল নম্ৰতা। হিন্দু যুৱতীগৰাকীৰ হত্যাৰ প্ৰতিবাদত কৰাচীৰ ৰাজপথত দেখা গ’ল উত্তাল প্ৰতিবাদ।

ছচিয়েল মিডিয়াতো নম্ৰতাৰ ন্যায়ৰ দাবীত ‘জাষ্টিচ ফৰ নম্ৰতা চন্দানী’ অভিযান চলিছে। নম্ৰতাৰ ন্যায়ৰ দাবীত সহস্ৰাধিক সংখ্যালঘু হিন্দু ৰাজপথলৈ ওলাই আহিছে। নম্ৰতাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে প্ৰতিবাদকাৰীসকলে। ইয়াৰ মাজতে পোহৰলৈ আহিছে নম্ৰতাৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট।

নম্ৰতাৰ ন্যায়ৰ দাবীত পাকিস্তানত প্ৰতিবাদ


মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট অনুসৰি, নম্ৰতা চন্দানীৰ ডিঙিত আঘাতৰ চিন পোৱা গৈছে। সোঁ ভৰি আৰু শৰীৰ আন অংশতো পোৱা গৈছে আঘাতৰ চিন। অৱশ্যে আৰক্ষীয়ে এতিয়াও এয়া এক হত্যাকাণ্ড বুলি প্ৰকাশ কৰা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে পাকিস্তানৰ ঘোটকীৰ মীৰপুৰ মথেলোৰ বাসিন্দা নম্ৰতা। যুৱতীগৰাকীৰ ভাতৃ ডাঃ বিশাল সুন্দৰে দাবী কৰে যে তেওঁৰ ভগ্নীয়ে আত্মহত্যা কৰা নাই। তাইক হত্যা কৰা হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি