দেশ চলাবলৈ পইচা নাই পাকিস্তানৰ, স্বীকাৰ কৰিলে প্ৰধানমন্ত্ৰী ইমৰাণ খানে

News18-Assam
Updated:June 12, 2019, 6:03 PM IST
দেশ চলাবলৈ পইচা নাই পাকিস্তানৰ, স্বীকাৰ কৰিলে প্ৰধানমন্ত্ৰী ইমৰাণ খানে
আমি পাকিস্তান দেউলীয়া হোৱাৰ আশংকাত ভুগিছো। এনে হ’লে দেশৰ পৰিস্থিতি অতি বেয়া হয়। চৰকাৰত থকাৰে পৰা এই চাপত আছো। – ইমৰাণ খান।

আমি পাকিস্তান দেউলীয়া হোৱাৰ আশংকাত ভুগিছো। এনে হ’লে দেশৰ পৰিস্থিতি অতি বেয়া হয়। চৰকাৰত থকাৰে পৰা এই চাপত আছো। – ইমৰাণ খান।

  • Share this:
পাকিস্তানত এতিয়া তীব্ৰ আৰ্থিক সংকট। দেশ চলাবলৈ টকা নাই বুলি স্বীকাৰ কৰিলে প্ৰধানমন্ত্ৰী ইমৰাণ খানে। দেশক সম্বোধন কৰি ইমৰাণ খানে কয় যে বিগত ১০ বছৰত পাকিস্তানৰ ঋণ ৬০০০ আৰব পাকিস্তানী টকাৰ পৰা বৃদ্ধি হৈ ৩০ হাজাৰ আৰব পাকিস্তানী টকা হৈছেগৈ। ইয়াৰ ফলত দেশখনৰ ওচৰত আমেৰিকান ডলাৰৰ অভাৱ ঘটিছে। আমাৰ ওচৰত ইমান ডলাৰ নাই যে আমি নিজৰ ঋণ পৰিশোধ কৰিব পাৰিম। আমি পাকিস্তান দেউলীয়া হোৱাৰ আশংকাত ভুগিছো। এনে হ’লে দেশৰ পৰিস্থিতি অতি বেয়া হয়। চৰকাৰত থকাৰে পৰা এই চাপত আছো। সৌভাগ্যৰ কথা যে আমাৰ বন্ধু ৰাষ্ট্ৰ ইউ এ ই, চৌদি আৰৱ আৰু চীনৰ পৰা সহায় পাইছো।

উল্লেখযোগ্য যে মঙলবাৰে পাকিস্তানত দাখিল কৰা হৈছে বাজেট। নেচনেল এছেম্বলীত বিত্ত মন্ত্ৰী হামিদ আজহাৰে ইমৰাণ খান চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰে। বাজেটত আয়কৰ আৰু বিক্ৰী কৰ বৃদ্ধিত গুৰুত্ব প্ৰদান কৰা হৈছে। পাকিস্তানত ১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া নতুন বিত্তীয় বৰ্ষত আয়কৰ আদায় দিয়া লোকসকলৰ ওপৰত প্ৰভাৱ পেলাব এই বাজেটে।

পাকিস্তান চৰকাৰে আয়কৰৰ হাৰ ২৫ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি কৰিছে। নতুন বিত্তীয় বৰ্ষত কেৱল আয়কৰৰ পৰা ২৫৮ আৰব টকা সংগ্ৰহ কৰাৰ লক্ষ্য ইমৰাণ খান চৰকাৰৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি