আমেৰিকাত সুৰ সলনি হ’ল ইমৰাণ খানৰ, ক’লে – আমি ভাৰতৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰো

UNGAৰ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে নিউয়ৰ্কত উপস্থিত হোৱা ইমৰাণ খানে কয় – আমি ভাৰতৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে, এয়া কোনো বিকল্প নহয়।

News18-Assam
Updated:September 25, 2019, 5:26 PM IST
আমেৰিকাত সুৰ সলনি হ’ল ইমৰাণ খানৰ, ক’লে – আমি ভাৰতৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰো
Photo : www.samaa.tv
News18-Assam
Updated: September 25, 2019, 5:26 PM IST
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰাৰ পিছতে সুৰ সলনি হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। বিগত কিছুদিন ধৰি ভাৰতক যুদ্ধৰ ভাবুকি দিয়া ইমৰাণ খানে এতিয়া কৈছে যে পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ পিছত এই মন্তব্য কৰে ইমৰাণ খানে।

UNGAৰ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে নিউয়ৰ্কত উপস্থিত হোৱা ইমৰাণ খানে কয় – আমি ভাৰতৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে, এয়া কোনো বিকল্প নহয়।

উল্লেখযোগ্য যে বিগত মাহত জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছৰে পৰা পাকিস্তান শংকিত হৈ পৰিছে। ইমৰাণ খানে প্ৰায়ে ভাৰতক দিছিল যুদ্ধৰ ভাবুকি। ইয়াৰ উপৰি ইমৰাণ খান মন্ত্ৰীসভাৰ মন্ত্ৰীয়েও প্ৰায় প্ৰতিদিনেই ভাৰতৰ ওপৰত আক্ৰমণৰ কথা কৈছিল।

কিন্তু এতিয়া এনেকুৱা লাগিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত ঘনিষ্ঠতা দেখাৰ পিছত নৰম হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি