মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »পাকিস্তানৰ ইতিহাসত কিহৰ বাবে স্থান পাব ইমৰাণ খানে, কিয় সমূহীয়া পদত্যাগৰ ভাবুকি ইমৰাণ খানৰ দলৰ ?

পাকিস্তানৰ ইতিহাসত কিহৰ বাবে স্থান পাব ইমৰাণ খানে, কিয় সমূহীয়া পদত্যাগৰ ভাবুকি ইমৰাণ খানৰ দলৰ ?

পাকিস্তানত (Pakistan) অনাস্থা প্ৰস্তাৱৰ বাবে চৰকাৰৰ পতনৰ পিছত, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে (Imran Khan) সোমবাৰে সংসদ ভৱনত উপস্থিত হ'ব। সংসদীয় সূত্ৰই এই বিষয়ে দেওবাৰে নিশা স্থানীয় সংবাদ মাধ্যমক জনাইছে।

  • Share this:
পাকিস্তানত (Pakistan) অনাস্থা প্ৰস্তাৱৰ বাবে চৰকাৰৰ পতনৰ পিছত, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে (Imran Khan) সোমবাৰে সংসদ ভৱনত উপস্থিত হ'ব। সংসদীয় সূত্ৰই এই বিষয়ে দেওবাৰে নিশা স্থানীয় সংবাদ মাধ্যমক জনাইছে। জানিব পৰা মতে, ইমৰাণ খানে সোমবাৰে দুপৰীয়া প্ৰায় ১২ বজাত সংসদ ভৱনত পিটিআই সংসদীয় দলৰ অধিৱেশনত সভাপতিত্ব কৰিব। দুপৰীয়াৰ নামাজৰ পিছত ইমৰানৰ দলেও সমগ্ৰ দেশতে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিব। উল্লেখযোগ্য যে দেওবাৰে সাংসদসকলৰ প্ৰতিবাদৰ  সংসদীয় দলৰ অধিৱেশন বাতিল কৰা হয়।

ইমৰান খানক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন)ৰ সভাপতি শ্বেহবাজ শ্বৰীফে দেওবাৰে প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। শনিবাৰে নিশা অনাস্থা প্ৰস্তাৱত ভোটদান কৰি ইমৰান খানক প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ কেইঘণ্টামান পিছতে তেওঁ মনোনয়ণ দাখিল কৰে। উল্লেখযোগ্য যে, পাকিস্তানৰ ইতিহাসত সদনৰ আস্থাৰ ভোটত পৰাজয়বৰণ কৰি ক্ষমতা হেৰুওৱা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে ইমৰাণ খান।

পাকিস্তানৰ অপসাৰিত প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফে (পিটিআই) দেওবাৰে কয় যে যদি বিৰোধী দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী শ্বেহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰী নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুমতি দিয়া হয়, তেন্তে পিটিআই দলৰ সাংসদসকলে সোমবাৰে সমূহীয়া পদত্যাগ পত্ৰ দাখিল কৰিব। দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন তথ্য মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে এই ঘোষণা কৰে। তেওঁ কয় যে যদি শ্বেহবাজ শ্বৰীফৰ মনোনয়ন পত্ৰৰ ওপৰত থকা আমাৰ আপত্তিৰ সমাধান সূত্ৰ নোলায় তেন্তে আমি সোমবাৰে পদত্যাগ কৰিম।"

শেহতীয়া বাতৰি