ভাৰতক যুদ্ধৰ ভাবুকি দিয়া কঙাল পাকিস্তানৰ নাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিদ্যুৎ মাচুল পৰিশোধৰ ধন

পাকিস্তানী ৱেবছাইট ‘এক্সপ্ৰেছ নিউজ’ৰ ৰিপ’ৰ্ট অনুসৰি, বিদ্যুৎ মাচুল পৰিশোধ নকৰাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী সচিবালয়ৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হ’ব পাৰে।

News18-Assam
Updated:August 29, 2019, 9:07 AM IST
ভাৰতক যুদ্ধৰ ভাবুকি দিয়া কঙাল পাকিস্তানৰ নাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিদ্যুৎ মাচুল পৰিশোধৰ ধন
https://tribune.com.pk
News18-Assam
Updated: August 29, 2019, 9:07 AM IST
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছৰে পৰা যেন ভৰিৰ তলৰ মাটি নোহোৱা হৈছে পাকিস্তানৰ। ভাৰতৰ এই পদক্ষেপত শংকিত পাকিস্তানে ভাৰতক দি আহিছে ইটোৰ পিছত সিটো ভাবুকি। কেতিয়াবা যদি পাৰমাণৱিক আক্ৰমণৰ ভাবুকি, কেতিয়াবা যুদ্ধৰ ভাবুকি। শেহতীয়াকৈ পাকিস্তানৰ এজন মন্ত্ৰীয়ে যুদ্ধৰ সময়ো দিলে। মন্ত্ৰীগৰাকীয়ে কয় যে অক্টোবৰ বা তাৰ পিছত হ’ব ভাৰত আৰু পাকিস্তানৰ যুদ্ধ।

কাশ্মীৰৰ বাবে যিকোনো পৰ্যায়লৈ যাবলৈ প্ৰস্তুত বুলি দাবী কৰা পাকিস্তানৰ এতিয়া লাওলোৱা অৱস্থা। পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা ইমানেই বেয়ালৈ গৈছে যে সচিবালয়ৰ বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈও হাতত নাই ধন।

পাকিস্তানী ৱেবছাইট ‘এক্সপ্ৰেছ নিউজ’ৰ ৰিপ’ৰ্ট অনুসৰি, বিদ্যুৎ মাচুল পৰিশোধ নকৰাৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী সচিবালয়ৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হ’ব পাৰে। ইমানে নহয়, ইছলামাবাদ বিদ্যুৎ যোগান কোম্পানীয়ে প্রধানমন্ত্ৰী সচিবালয়লৈ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ বাবে প্ৰেৰণ কৰিছে জাননী।

খবৰ অনুসৰি, প্ৰধানমন্ত্ৰী সচিবালয়ে ইছলামাবাদ বিদ্যুৎ যোগান কোম্পানীক দিবলৈ আছে ৪১ লাখ ১৩ হাজাৰ ৯৯২ টকাৰ বিদ্যুৎ মাচুল। ইয়াৰ ভিতৰত আছে বিগত মাহৰ ৩৫ লাখতকৈ অধিক আৰু পূৰ্বৰ ৫ লাখ ৫৮ হাজাৰ। প্ৰধানমন্ত্ৰী সচিবালয়ে নিয়মিতভাৱে পৰিশোধ নকৰে বিদ্যুৎ মাচুল। যাৰ ফলত এই বৃহৎ পৰিমাণৰ বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ বাকী আছে প্ৰধানমন্ত্ৰী সচিবালয়ে। যদিহে শীঘ্ৰে এই মাচুল পৰিশোধ নকৰে তেন্তে প্ৰধানমন্ত্ৰী সচিবালয়ৰ বিদ্যুৎ কৰ্তন
কৰা হ’ব।

এয়াও পঢ়ক : কাশ্মীৰত ভয়ংকৰ আক্ৰমণৰ ষড়যন্ত্ৰ পাকিস্তানৰ!

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি