মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Pakistan|Imran Khan: পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ভংগ কৰিলে নেচনেল এচেম্বলী, ইমৰান খানৰ পৰামৰ্শ

Pakistan|Imran Khan: পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ভংগ কৰিলে নেচনেল এচেম্বলী, ইমৰান খানৰ পৰামৰ্শ

(Image Source: PTV/ANI)

Pakistan|Imran Khan: ইমৰানে দেশবাসীক নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে। গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আশ্বাস দিছে ইমৰানে।

  • Share this:
প্ৰধানমন্ত্ৰী ইমৰান খান (Pakistan PM Imran Khan)ৰ পৰামৰ্শ অনুসৰি নেচনেল এচেম্বলী (National Assembly) ভংগ কৰিলে পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভি (Pakistan President Arif Alvi)য়ে। পাক মিডিয়াত প্ৰকাশ পাইছে এই খবৰ।

ইপিনে আস্থা ভোট (Trust Vote)ৰ প্ৰস্তাৱ পাক সংসদত নাকচ হোৱাৰ পিছতে পাকিস্তানত পুনৰ নিৰ্বাচনৰ ইংগিত (Election) দিছে প্ৰধানমন্ত্ৰী ইমৰান খানে। ইমৰানে দেশবাসীক নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনাইছে। গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আশ্বাস দিছে ইমৰানে। ইয়াৰ পিছতে ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি ইমৰানে নেচনেল এছেম্বলী ভংগ কৰাৰ পৰামৰ্শ দিয়ে।

ইমৰানে কয়, "মই ৰাষ্ট্ৰপতিক নেচনেল এছেম্বলী ভংগ কৰিবলৈ লিখিছোঁ। গণতান্ত্ৰিক উপায়েৰে নিৰ্বাচন হ'ব লাগে। মই পাকিস্তানৰ জনসাধাৰণক নিৰ্বাচনৰ বাবে প্ৰস্তুতি কৰিবলৈ আহ্বান জনাইছোঁ।"

শেহতীয়া বাতৰি