உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ভাৰত-চীনৰ উত্তেজনাৰ মাজতে পাকিস্তানৰ নতুন চক্ৰান্ত, LoCত মোতায়েন কৰিছে বৃহত্‍ সংখ্যক সেনা

    ভাৰত-চীনৰ উত্তেজনাৰ মাজতে পাকিস্তানৰ নতুন চক্ৰান্ত, LoCত মোতায়েন কৰিছে বৃহত্‍ সংখ্যক সেনা

    অতিৰিক্ত সেনা মোতায়েন কৰাৰ লগতে কিছুদিন ধৰি পাকিস্তানে সীমান্তত উলংঘন কৰিছে যুদ্ধ বিৰতি।

    অতিৰিক্ত সেনা মোতায়েন কৰাৰ লগতে কিছুদিন ধৰি পাকিস্তানে সীমান্তত উলংঘন কৰিছে যুদ্ধ বিৰতি।

    অতিৰিক্ত সেনা মোতায়েন কৰাৰ লগতে কিছুদিন ধৰি পাকিস্তানে সীমান্তত উলংঘন কৰিছে যুদ্ধ বিৰতি।

    • Share this:
    লাডাখ সীমান্তত চীন-ভাৰতৰ মাজত উত্তেজনা ক্ৰমাত্‍ বৃদ্ধি পাইছে। কিন্তু সেইসময়তে ভাৰতক অধিক চাপত পেলোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে পাকিস্তানে। খবৰ অনুযায়ী, কেইদিনমান ধৰি সীমান্তত অধিক সেনা মোতায়েন কৰিছে পাকিস্তানে।

    লাখাডত চলি থকা উত্তেজনা নিৰ্মূলৰ বাবে ব্যস্ত থকাৰ সময়তে ভাৰতবৰ্ষক অধিক চাপত পেলাবলৈ পাকিস্তানে এই চক্ৰান্ত কৰিছে বুলি উল্লেখ কৰিছে বহুজনে। জানিব পৰা গৈছে যে, ‘ৰাৱালপিণ্ডি, লাহোৰ, মুলতান, ফৈচলাবাদৰ সেনাৰ ঘাটিৰ পৰা বৃহত্‍ সংখ্যক সেনা সীমান্তত মোতায়েন কৰিছে।

    যোৱা ৭ জুনত ১৫ টা অতিৰিক্ত সেনা বাহিনীৰ দল ভাৰত-পাক সীমান্তত মোতায়েন কৰিছে। ইফালে পাকিস্তান ৰাইফলৰ ২৮ নম্বৰ ৰেজিমেণ্টক পাক অধিকৃত কাশ্মীৰৰ তিনি নম্বৰ ৰেজিমেণ্টৰ সৈতে একেলগ কৰিছে। আৰু ৯ নম্বৰ আজাদ কাশ্মীৰ ৰেজিমেণ্টক ৰাউলাকোটৰ ছেকেণ্ড ৰেজিমেণ্টৰ সৈতে একেলগ কৰিছে।

    ইয়াৰ উপৰিও, ৰাৱালপিণ্ডিৰ পৰা এছ এছ জিৰ দুটা ৰেজিমেণ্টো সীমান্তৰ ফালে আগুৱাইছে। আৰম্ভ কৰিছে স্নাইপাৰ প্ৰশিক্ষণ। সূত্ৰ অনুসৰি, সীমান্তত এতিয়া বাৰে বাৰে যুদ্ধ বিৰতিও উলংঘা কৰিছে পাকিস্তান সেনাই।
    First published: