মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »PM Imran Khan: প্ৰশস্ত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰস্থানৰ পথ, শুকুৰবাৰে সংসদত উত্থাপন হ’ব অনাস্থা প্ৰস্তাৱ 

PM Imran Khan: প্ৰশস্ত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰস্থানৰ পথ, শুকুৰবাৰে সংসদত উত্থাপন হ’ব অনাস্থা প্ৰস্তাৱ 

পাকিস্তানৰ সেনাৰে সম্বন্ধত তিক্ততা বাঢ়ি যোৱাৰ কাৰণেই এতিয়া গাদী হেৰুৱাৰ উপক্ৰম হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান  

পাকিস্তানৰ সেনাৰে সম্বন্ধত তিক্ততা বাঢ়ি যোৱাৰ কাৰণেই এতিয়া গাদী হেৰুৱাৰ উপক্ৰম হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান  

  • Share this:
পাকিস্তানৰ সেনাৰে সম্বন্ধত তিক্ততা বাঢ়ি যোৱাৰ কাৰণেই এতিয়া গাদী হেৰুৱাৰ উপক্ৰম হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান (PM Imran Khan) । তাৰ মাজতে ভাৰতৰ বিদেশ নীতি আৰু সেনা বাহিনীৰ প্ৰশংসা কৰিও পাকিস্তান সেনাৰ ৰোষত পৰিছে প্রধানমন্ত্ৰীগৰাকী। শুক্ৰবাৰে বিৰোধী দলসমূহে ইছলামাবাদত দেশখনৰ জাতীয় সংসদত (National Assembly) উত্থাপন কৰিব প্রধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ । যদিহে খানে নিজৰ সপক্ষে সংখ্যাগৰিষ্ঠ সদস্যৰ ভোট সংগ্ৰহ কৰিব নোৱাৰে, তেন্তে শুক্ৰবাৰৰ দিনটো ইমৰান খানৰ প্ৰধানমন্ত্ৰী হিচাপে অন্তিম দিন হ’ব ।

অৱশ্যে শুক্ৰবাৰৰ সংসদৰ অধিৱেশনৰ প্রথম দিনটোত এজন সদস্যৰ মৃত্যুৰ কাৰণে স্থগিত হোৱাৰে সম্ভাৱনা অধিক। ইফালে ইমৰান খানৰ দল পাকিস্তান টেহৰিক-এ-ইনছাফৰ ২৪জনতকৈ অধিক সংসদ সদস্যই বিপক্ষে ভোট দিয়াৰ কথা মুকলিকৈ ঘোষণা কৰাৰ পিছত খানৰ প্ৰস্থান নিশ্চিত হৈ পৰিছে ।

উল্লেখযোগ্য যে নিম্ন সদনত বিৰোধী পাকিস্তান পিপলছ পাৰ্টী আৰু পাকিস্তান মুছলিম লীগ (নৱাজ)এ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল । দল দুটাই খানৰ বিৰুদ্ধে ভুল বিদেশ আৰু অৰ্থনৈতিক  নীতি প্ৰৱৰ্তন কৰাৰ অভিযোগ আনি এই পদক্ষেপ গ্ৰহণ কৰিছে । পাকিস্তান National Assemblyত মুঠ সদস্যৰ সংখ্যা ৩৪২। ইমৰান খানক গাদী বচাবলৈ প্ৰয়োজন ১৭২জনৰ ভোট। বিৰোধীৰ সদস্যৰ সংখ্যা ১৬৩। বিৰোধীক খানক গাদীচ্যুত কৰিবলৈ প্রয়োজন ৯টা অতিৰিক্ত ভোট । যদিহে নিজৰ পাৰ্টীৰ সদস্যকেইজনে খানৰ বিৰুদ্ধে ভোট দিয়ে; তেন্তে খানৰ পতন নিশ্চিত । ইফালে শাসকীয় জোঁটৰ তিনিটা দলেও বিৰোধীৰ পক্ষত অৱস্থিতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ।

আনহাতে, গাদী বচাবলৈ ইমৰান খানে উচ্চতম ন্যায়ালয়ৰো কাষ চাপিছে । দেশখনৰ Attorney Generalয়ে সংবিধানৰ অনুচ্ছেদ ৬৩-(ক)ৰ সংশোধন বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছে। সংসদ সদস্য এজনে নিজ দলৰ বিৰুদ্ধে ভোট প্ৰদান কৰিলে তেনে লোকক গোটেই জীৱন নিষিদ্ধ কৰাটো বিচাৰিছে ইমৰান খানে। এখন ৫ জনীয়া বিচাৰপীঠে অহা সপ্তাহত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।

শেহতীয়া বাতৰি