কোৰোণা টেষ্টৰ ফলাফল আহিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ

News18 Assam | News18-Assam
Updated:April 22, 2020, 1:28 PM IST
কোৰোণা টেষ্টৰ ফলাফল আহিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক সাক্ষাৎ কৰা লোকৰ গাত কোৰোণা ভাইৰাছ ধৰা পৰাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক সাক্ষাৎ কৰা লোকৰ গাত কোৰোণা ভাইৰাছ ধৰা পৰাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।

  • Share this:
কোৰোণা টেষ্ট কৰা হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। কোৰোণা টেষ্টৰ ফলাফল আহিল নিগেটিভ। মঙলবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কোৰোণা টেষ্ট কৰা হৈছিল। পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছতে স্বস্তিৰ নিশ্বাস পেলাইছে ইমৰাণ খানে।

উল্লেখযোগ্য যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক সাক্ষাৎ কৰা লোকৰ গাত কোৰোণা ভাইৰাছ ধৰা পৰাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। পাকিস্তানৰ সৰ্ববৃহৎ চেৰিটী গ্ৰুপ ইধি ফাউণ্ডেচনৰ মুৰব্বী ফইচল ইধি আক্রান্ত হৈছিল Covid-19ত। তেওঁ কিছু দিনৰ আগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক পাকিস্তানৰ ৰাজধানী চহৰ ইছলামাবাদত সাক্ষাৎ কৰিছিল ইধিয়ে। এই সাক্ষাতত তেওঁ প্ৰধানমন্ত্ৰীক PM Corona Relief Fundৰ বাবে ১ কোটি টকাৰ সাহায্য প্ৰদান কৰিছিল। তেওঁৰ দেহত কোৰোণা ধৰাৰ পৰাৰ পিছতে ইমৰাণ খানৰ নমুনা পৰীক্ষা কৰা হৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading