ভাৰতৰ সৈতে যুদ্ধ নিবিচাৰো, কিন্তু যদি হয় উচিত প্ৰত্যুত্তৰ দিম : ক’লে ইমৰান খানে

News18-Assam
Updated:August 9, 2019, 11:48 AM IST
ভাৰতৰ সৈতে যুদ্ধ নিবিচাৰো, কিন্তু যদি হয় উচিত প্ৰত্যুত্তৰ দিম : ক’লে ইমৰান খানে
পূৰ্বেও ইমৰান খানে কৈছিল যে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ফলত পুলৱামাৰ দৰে কাণ্ড সংঘটিত হ’ব।

পূৰ্বেও ইমৰান খানে কৈছিল যে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ফলত পুলৱামাৰ দৰে কাণ্ড সংঘটিত হ’ব।

  • Share this:
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছতে আতংকিত হৈছে পাকিস্তান। আকৌ এবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতক দিছে ধমক। ইমৰান খানে কয় যে পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধ নিবিচাৰে, কিন্তু যদি যুদ্ধ হয় তেন্তে উচিত প্ৰত্যুত্তৰ দিব ভাৰতক।

পাকিস্তানী টিভি চেনেল জিঅ’ টিভিৰ মতে, ইমৰান খানে বৃহস্পতিবাৰে একাংশ জ্যেষ্ঠ সাংবাদিকক সাক্ষাৎ কৰিছিল। তেওঁ সাংবাদিকৰ সৈতে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰক লৈ আলোচনা কৰে। লগতে ইমৰান খানে ধমকৰ সুৰত কয় – পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধ নিবিচাৰে, কিন্তু যদি ভাৰতে যুদ্ধ কৰে তেন্তে তাৰ উচিত প্ৰত্যুত্তৰ দিব।

দুদিন পূৰ্বেও পাকিস্তানৰ সংসদত বিৰোধী নেতা শ্বাহবাজ শ্বৰীফে কৈছিল যে পাকিস্তান চৰকাৰে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত। ইয়াৰ উত্তৰত ইমৰান খানে সুধিছিল যে বিৰোধী নেতাসকলে কি বিচাৰে? পাকিস্তানী সেনাক ভাৰতৰ ওপৰত আক্ৰমণৰ আদেশ দিয়া উচিত নেকি?

ইমৰান খানে ধমক দি কৈছিল যে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ ফলত পুলৱামাৰ দৰে কাণ্ড সংঘটিত হ’ব। এই বিষয়টো ৰাষ্ট্ৰসংঘলৈ নিব বুলি কৈছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি