ভাৰতবৰ্ষৰ বিৰুদ্ধে ক্ৰমাৎ অধিক আক্ৰমণাত্মক হৈছে পকিস্তানৰ প্ৰধনমন্ত্ৰী ইমৰাণ খান। প্ৰতিবাৰতে ভাৰতক ভাৰতক শলঠেকত পেলাবলৈ চেষ্টা কৰি প্ৰতিবাৰেই ব্যৰ্থ হোৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ মুখত এইবাৰ অসমীয়া খিলঞ্জীয়াৰ ৰক্ষা কৱছ বুলি পৰিচিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগ। এন আৰ চি ৰ বাবে ৪ লাখ ভাৰতীয় মুছলমান লোকে ভাৰতৰ নাগৰিকত্ব হেৰুৱাই এতিয়া শৰনাৰ্থী শিৱিৰত আছে বুলি গুৰুতৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনৰ। সেইদৰে ভাৰতৰ এতিয়া ঘৃণাৰ ৰাজনীতি আৰম্ভ হৈছে বুলিও মন্তব্য কৰে ইমৰাণে। ভাৰতৰ ঘৃণা ৰাজনীতি বিশ্ব সম্প্ৰদায়ক ৰোধ কৰিবলৈও আহ্বান জনাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 18, 2019, 20:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।