আমেৰিকাত ইমৰান খানক জনোৱা নহ’ল বিশেষ আদৰণি, মেট্ৰ’ ৰে’লেৰে যাবলগীয়া হ’ল হোটেললৈ

News18-Assam
Updated:July 21, 2019, 3:13 PM IST
আমেৰিকাত ইমৰান খানক জনোৱা নহ’ল বিশেষ আদৰণি, মেট্ৰ’ ৰে’লেৰে যাবলগীয়া হ’ল হোটেললৈ
ইমৰাণ খানে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব।

ইমৰাণ খানে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব।

  • Share this:
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান শনিবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত উপস্থিত হৈছে। ইমৰান খানে চাৰ্টাৰ্ড বিমানৰ সলনি কাটাৰ এয়াৰৱে’জৰ বিমানেৰে আমেৰিকাত উপস্থিত হয়। পাকিস্তানৰ আৰ্থিক সংকটৰ বাবেই ইমৰান খানে এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

আমেৰিকাত উপস্থিত হোৱাৰ পিছত আশা কৰা ধৰণে আদৰণি জনোৱা নহ’ল ইমৰান খানক। আমেৰিকাৰ কোনো উচ্চপদস্থ বিষয়া বিমানবন্দৰলৈ নাহিল ইমৰান খানক আদৰণি জনাবলৈ। ইমানেই নহয়, ইমৰান খানে মেট্ৰ’ ৰে’লেৰে যাবলগীয়া হ’ল হোটেললৈ। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীক আগবঢ়াই নিবলৈ আহিল পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বী আৰু আমেৰিকাত থকা পাকিস্তানৰ একাংশ লোকহে।

ইমৰাণ খানে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব। এই সাক্ষাৎ কালত ট্ৰাম্পে ইমৰান খানৰ ওপৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ হেঁচা দিয়াৰ সম্ভাৱনা আছে।

এই সময়ছোৱাত ইমৰান খান আই এম এফৰ মুখ্য তত্বাৱধায়ক ডেভিদ লিপটন আৰু বিশ্ব বেংকৰ অধ্যক্ষ ডেভিদ মলপাছকো সাক্ষাৎ কৰিব। মঙলবাৰে ইউ এছ ইনষ্টিটিউট অব পীচ থিংক–টেংকৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইমৰান খানে। ইয়াৰ উপৰি এক অনুষ্ঠানত আমেৰিকাত থকা পাকিস্তানৰ নাগৰিককো সম্বোধন কৰিব পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি