অযোগ্য ঘোষিত হ’ব পাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান! কিয়?

News18-Assam
Updated:November 26, 2019, 9:48 AM IST
অযোগ্য ঘোষিত হ’ব পাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান! কিয়?
পাকিস্তানৰ নাগৰিক তাহিৰ মাছুদে শনিবাৰে লাহোৰ উচ্চ ন্যায়ালয়ত ইমৰান খানৰ বিৰুদ্ধে দাখিল কৰে আবেদন

পাকিস্তানৰ নাগৰিক তাহিৰ মাছুদে শনিবাৰে লাহোৰ উচ্চ ন্যায়ালয়ত ইমৰান খানৰ বিৰুদ্ধে দাখিল কৰে আবেদন

  • Share this:
ইটোৰ পিছত সিটো বিপদে লগ নেৰা হৈছে পাকিস্তানৰ প্রধানমন্ত্ৰী ইমৰাণ খানৰ। এইবাৰ আদালতত দাখিল হৈছে ইমৰাণ খানক অযোগ্য ঘোষণা কৰাৰ আবেদন। দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে চিকিত্‍সাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পিছত ইমৰাণ খানে আদালতক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে এই আবেদন দাখিল কৰা হৈছে।

পাকিস্তানৰ নাগৰিক তাহিৰ মাছুদে শনিবাৰে লাহোৰ উচ্চ ন্যায়ালয়ত ইমৰান খানৰ বিৰুদ্ধে দাখিল কৰে আবেদন। আবেদনত প্ৰধানমন্ত্ৰীজনৰ বিৰুদ্ধে ন্যায়পালিকাক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

আবেদনকাৰীজনে কয় যে, পাকিস্তানৰ শীৰ্ষ আদালতে ২০১৩ চনতো ন্যায়পালিকাৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে ইমৰাণ খানলৈ জাননী জাৰি কৰিছিল। তাহিৰ মাছুদে ইমাৰাণ খানলৈ চমন জাৰি কৰি অযোগ্য ঘোষণা কৰাৰ লগতে নিৰ্বাচন আয়োগক নেশ্যনেল এছেম্বলীৰ সদস্য পদ বাতিল কৰাৰ নিৰ্দেশ দিবলৈয়ো আহ্বান জনায় আদালতক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি