যোৱা মাহৰ ২৮ তাৰিখে বিৰোধীয়ে যুটীয়াভাৱে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে পাকিস্তানৰ সংসদত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। অনাস্থা ভোটত ইমৰানক পৰাজিত কৰি প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ সন্দৰ্ভত আত্মবিশ্বাসী আছিল বিৰোধী শিবিৰ। ইয়াৰ বাবে, পাকিস্তানৰ সংসদত ৩ এপ্ৰিলত ভোট অনুস্থিত হোৱাৰ কথা আছিল। কিন্তু পাকিস্তান ক্ৰিকেট দলক বিশ্বকাপ জয়ৰ সোৱাদ দিয়া প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে বিপক্ষৰ পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হৈছিল।
সংসদৰ অধ্যক্ষই তেওঁৰ প্ৰস্তাৱৰ সমৰ্থনত অনাস্থাৰ ভোট প্ৰত্যাখ্যান কৰিছিল। ইমৰানে নেচনেল এচেম্বলী ভংগ কৰাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ইমৰান খান আৰু বিৰোধী নেতা শ্বাহবাজ শ্বৰীফক এজন তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী নিযুক্ত কৰিবলৈ পত্ৰও প্ৰেৰণ কৰিছিল। বিৰোধীয়ে অনাস্থা ভোট প্ৰত্যাখ্যানৰ বিৰুদ্ধে পাকিস্তানৰ শীৰ্ষ আদালতলৈ গৈছিল। শীৰ্ষ আদালতত এটা গোচৰো ৰুজু কৰা হৈছিল। অৱশ্যে, পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বুধবাৰে অনাস্থা ভোটৰ শুনানি বৰ্তমানৰ বাবে পিছুৱাই দিয়াৰ ৰায়হে প্ৰদান কৰে। গোচৰটোৰ শুনানি বৃহস্পতিবাৰে আকৌ এবাৰ হ'ব।
মুখ্য ন্যায়াধীশ উমাৰ আতা বান্দিয়ালৰ নেতৃত্বত গঠিত পাঁচজনীয়া খণ্ড বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰিছে। গোচৰটোৰ শুনানি দেওবাৰৰ পৰা পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত চলি আছে। এতিয়া বৃহস্পতিবাৰে আদালতে কি কয় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।
আনহাতে, পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে নিৰ্বাচন আয়োগক পৰৱৰ্তী নিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ দিবলৈ কৈছে। নিৰ্বাচন আয়ুক্তলৈ লিখা এখন পত্ৰত আলভিয়ে কয় যে পাকিস্তানৰ সংসদ ভংগ হোৱাৰ দিনৰ পৰা ৯০ দিনৰ ভিতৰত ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে। ৰাষ্ট্ৰপতি আলভিৰ পত্ৰৰ পৰিপ্ৰেক্ষিতত ইমৰান খানে পাকিস্তানৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গুলজাৰ আহমেদক পৰৱৰ্তী কাৰ্যকৰী প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছে। এতিয়া পাকিস্তানৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব তাৰ উত্তৰ সময়েহে দিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 07, 2022, 11:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।