ডিঙিলৈ ধাৰত পোত গৈছে পাকিস্তান, মিটিঙত চাহ–বিস্কুট খোৱাও বন্ধ কৰিলে ইমৰাণ খান চৰকাৰে

এতিয়া বিকাশমূলক আঁচনিত বাদে কোনো ধৰণৰ সংস্থাপনৰ সৃষ্টি নকৰে পাকিস্তান চৰকাৰে।

News18-Assam
Updated:August 26, 2019, 9:25 AM IST
ডিঙিলৈ ধাৰত পোত গৈছে পাকিস্তান, মিটিঙত চাহ–বিস্কুট খোৱাও বন্ধ কৰিলে ইমৰাণ খান চৰকাৰে
এতিয়া বিকাশমূলক আঁচনিত বাদে কোনো ধৰণৰ সংস্থাপনৰ সৃষ্টি নকৰে পাকিস্তান চৰকাৰে।
News18-Assam
Updated: August 26, 2019, 9:25 AM IST
পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান খুবেই বেয়া। ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক শেষ কৰাৰ পিছত অধিক অৱনতি ঘটিছে পাকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ। দেউলীয়া হোৱাৰ দিশে গতি কৰা পাকিস্তান চৰকাৰে নতুন চাকৰিত নিষেধাজ্ঞা জাৰি কৰিছে। এতিয়া বিকাশমূলক আঁচনিত বাদে কোনো ধৰণৰ সংস্থাপনৰ সৃষ্টি নকৰে পাকিস্তান চৰকাৰে।

ইমানেই নহয়, পাকিস্তানৰ সংবাদ পত্ৰ ‘ডন’ৰ ৰিপ’ৰ্ট অনুসৰি, ইমৰাণ খান চৰকাৰে অফিচিয়েল মিটিঙত চাহ–বিস্কুট খোৱা বন্ধ কৰিছে। যাৰ ফলত ডায়েবেটিছ বা আন ৰোগত ভুগি থকা বিষয়াৰ বাবে ঘণ্টা ঘণ্টা ধৰি একো নোখোৱাকৈ বহি থকাটো একপ্ৰকাৰ কঠিন হৈ পৰিছে।

বাতৰি কাকত–আলোচনীৰ ওপৰত নিষেধাজ্ঞা

পাকিস্তানৰ তেহৰীক–এ–ইনচাফ চৰকাৰে চলিত বিত্তীয় বৰ্ষত নতুন গাড়ী বা বিলাসী সামগ্ৰী ক্ৰয়কে ধৰি কেইবাটাও কষ্ট কাটিং কৰিছে। চৰকাৰী বিষয়াসকলৰ বাবে এখনতকৈ অধিক বাতৰি কাকত আৰু আলোচনী কিনাত নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে।



কাগজৰ দুয়োপিঠি হ’ব ব্যৱহাৰ
চৰকাৰী বিভাগসমূহত কাগজৰ খৰচ হ্ৰাস কৰিবলৈ সকলো চৰকাৰী বাৰ্তাৰ আদান–প্ৰদানৰ বাবে কাগজৰ দুয়োপিঠি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে পাকিস্তান চৰকাৰে। বিজুলী, গেছ, টেলিফোন আদিৰ ব্যৱহাৰ কম কৰাটো সুনিশ্চিত কৰিবলৈ দায়িত্ব দিয়া হৈছে মুখ্য গাণনিক বিষয়াক।

৬ আৰব ডলাৰ পেকেজত অনুমোদন IMFৰ
পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ (IMF)ৰ ফালৰ পৰা কিছু চৰ্তত ৬ আৰব ডলাৰৰ পেকেজৰ অনুমোদন লাভ কৰিছে। ইয়াৰ বাবে ইমৰাণ খান চৰকাৰে বাজেটৰ ঘাটি হ্ৰাস কৰিব লাগিব। লগতে আৰু কিছু কঠোৰ চৰ্ত পূৰণ কৰিব লাগিব পাকিস্তানে। চৰকাৰে বাজেটৰ ঘাটি হ্ৰাস কৰাৰ বাবেই কৰিছে এই কষ্ট কাটিং।
আৰু চাওক পৰৱৰ্তী বাতৰি